হাটশিঙিমাৰী ঃ গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে হাটশিঙিমাৰীত আৰক্ষী-বেটেলিয়ানৰ প্ৰস্তুতি।কোভিড প্ৰটকলৰ বাবে এইবাৰ পেৰেডত নাথাকিব ছাত্ৰ-ছাত্ৰী।
আগন্তক ৭৩তম গণৰাজ্য দিৱসৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো প্ৰস্তুতি চলাই আছে। বিশেষকৈ জিলাখনৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত জিলা প্ৰশাসনে গণৰাজ্য দিৱসৰ বাবে ব্যাপক প্ৰস্তুতি চলাই আছে।
৭৩ তম গণৰাজ্য দিৱসৰ দিনা হাটশিঙিমাৰীত পেৰেডৰ বাবে এইবাৰ মাত্ৰ দুটা দলে অংশগ্ৰহণ কৰিব।
লগতে পঢ়কঃকোনো ছাত্ৰ-ছাত্ৰীয়ে গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব
আৰক্ষী আৰু বেটেলিয়ানৰ দলে এইবাৰ পেৰেডত অংশগ্ৰহণ কৰাৰ বিপৰীতে মহাবিদ্যালয়- বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ কোভিড প্ৰটকলৰ বাবে পেৰেডত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি পেৰেডৰ দায়িত্বত থকা কমাণ্ডাৰ মিৰাজুদ্দিন চৌধুৰী জানিবলৈ দিয়ে।