দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত দেওবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত যাত্ৰীবাহী টম্পো গাড়ী একখনে পিছফালৰ পৰা ইৰিক্সা এখন খুন্দিওৱাৰ ফলত দুয়োখন বাহনৰ মুঠ ৭ জনকৈ যাত্ৰী আহত হয়। আহত যাত্ৰী সকলক হাটশিঙিমাৰী অসামৰিক চিকিৎসলায়ত ভৰ্তি কৰোৱা হয়।
এএছ-৩৪-চি-০২৭১ নম্বৰৰ টেম্পু গাড়ী এখনে মানকাচৰৰ পৰা হাটশিঙিমাৰী অভিমূখে আহি থকা অৱস্থাত একেদিশৰ পৰা আহি থকা ইৰিক্সা এখনক নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে। ফলত দুয়োখন বাহন ৰাজপথৰ ওপৰত বাগৰি পৰে আৰু মুঠ ৭ জনকৈ যাত্ৰী আহত হয়। স্থানীয় ৰাইজে যাত্ৰী সকলক উদ্ধাৰ কৰি আহত অৱস্থাত হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।
আহত যাত্ৰী কেইজনক সুখচৰ থানা এলেকাৰ পুৰাণ সুখচৰ গাঁৱৰ নজৰুল মণ্ডলৰ পুত্ৰ আমিৰুল মণ্ডল, চৰকাশাৰীপাৰা গাঁৱৰ আব্দুল গফুৰৰ কন্যা জোনালী আহমেদ, মানকাচৰ থানা এলেকাৰ বাংটিমাৰী গাঁৱৰ সাহালম ইছলামৰ পুত্ৰ ৰিজুৱান হুছেইন, কোনাৰ চৰ গাঁৱৰ মোজাম্মেল হকৰ পুত্ৰ আক্কাছ আলী, কঠালবাৰী গাঁৱৰ আব্দুল আওৱালৰ পুত্ৰ মুক্তাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। আহত যাত্ৰী সকলৰ ভিতৰত কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।