হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত জিলাখনৰ মুঠ ৪০ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ দৰিদ্ৰ হিতাধিকাৰীক ছ’লাৰ বিতৰণ কৰা হয়।
উল্লেখযোগ্য যে, হাটশিঙিমাৰী মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত যোৱা ৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ জিলাখনৰ মুঠ ৮৭৫ গৰাকী অন্যান্য পিছপৰা শ্ৰেনীৰ দৰিদ্ৰ হিতাধিকাৰীক বিভিন্ন সামগ্ৰী বিতৰণ কৰি আহিছে। কাৰ্যালয়টোৰ পৰা ৪০ গৰাকী হিতাধিকাৰীক ছ’লাৰ, ছ’লাৰ লাইট, ফেন আদি বিতৰণ কৰা হয়। বিদ্যুত সংযোগ নথকা অন্যান্য পিছপৰা শ্ৰেণীৰ দৰিদ্ৰ পৰিয়ালক ছ’লাৰ বিতৰণ কৰাত হিতাধিকাৰী সকলে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
লগতে পঢ়কঃপৰম্পৰাগত সাজপাৰ পৰিধান কৰি ৪০ খন সাংগঠনিক জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা
উল্লেখ্য যে,অন্যান্য পিছপৰা শ্ৰেণীৰ লোক সকলৰ বাবে চৰকাৰে ২০১৯-২০ বৰ্ষৰ এক বিশেষ আচনিৰ জৰিয়তে ৰাজ্যৰ আন আন জিলাৰ লগতে হাটশিঙিমাৰী জিলাতো বিভিন্ন সামগ্ৰী বিতৰণ কৰি আহিছে।
হাটশিঙিমাৰী মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত যোৱা ৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ মুঠ ৮৭৫ গৰাকী হিতাধিকাৰীৰ ভিতৰত ২২৮ গৰাকী দৰিদ্ৰ হিতাধিকাৰীক বিশুদ্ধ খোৱা পানী ফিল্টাৰ বিতৰণ কৰা হয়।
একেদৰে ৩৯ গৰাকী হিতাধিকাৰীক চিলাই মেচিন, ১৯৮ গৰাকী হিতাধিকাৰীক কৃষি সামগ্ৰী, ৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী হিতাধিকাৰীলৈ টেবলেট ম’বাইল, ২৮৬ গৰাকী হিতাধিকাৰীক ২ বানকৈ টিনপাত আৰু ৪০ গৰাকী হিতাধিকাৰীক ছ’লাৰ বিতৰণ কৰা হয়।