হাটশিঙিমাৰী উকীল সন্থাৰ নিৰ্বাচন

হাটশিঙিমাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী উকীল সন্থাৰ নিৰ্বাচন দিনজোৰা কাৰ্যসূচীৰে শান্তিপূৰ্ণ ভাবে সম্পন্ন হৈ নতুন সভাপতি, সম্পাদক সহ ১৭ জনীয়া কমিটি গঠন কৰা হয়।
মুঠ ১৭ টা পদৰ বাবে বুধবাৰে পুৱা ১০ বজাৰ পৰা হাটশিঙিমাৰী উকীল সন্থাৰ কাৰ্যালয়ত নিৰ্বাচন অনুষ্ঠিত কৰা হয়।

উকীল সন্থাৰ নিৰ্বাচনৰ বাবে অধিবক্তা মইনুল হকক ৰিটাৰ্নিং বিষয়া হিচাপে নিযুক্তি দিয়াৰ লগতে প্ৰিজাইডিং বিষয়া হিচাপে অধিবক্তা জামিউল ইছলামক নিযুক্তি দিয়া হয়। একেদৰে অধিবক্তা বিশ্বজিত মহন্ত, অধিবক্তা ইমদাদুল দোলা আৰু অধিবক্তা সাহজাহান খান পলিং বিষয়া হিচাপে থাকে ।

মুঠ ১৭৪ টা ভোটৰ বিপৰীতে ১৫৬ টা ভোট পলিং হয়। নিশা প্ৰায় ৯ বজালৈ অনুষ্ঠিত ভোটগণনাৰ অন্তত অধিবক্তা আবু ছালে মোহাম্মদ জাহাঙ্গীৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় অধিবক্তা ৰফিকুল ইছলাম। সভাপতি জাহাঙ্গীৰ মুঠ ৮২ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদন্দি প্ৰাৰ্থী কাজী নজৰুল ইছলাম ৭১ টা ভোট লাভ কৰি ১১ টা ভোটৰ ব্যৱধানত পৰাস্ত হয়।

একেদৰে সাধাৰণ সম্পাদকৰ পদত মুঠ চাৰি গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰে যদিও ৰফিকুল ইছলাম ৭৩ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদন্দিপ্ৰাৰ্থী লাকি মিয়াই ৬৪ টা ভোট লাভ কৰি ৯ ভোটৰ ব্যৱধানত পৰাস্ত হয়। আনহাতে উপ সভাপতি পদত চাৰি গৰাকী প্ৰাৰ্থীৰ ভিতৰত অধিবক্তা আনিছুৰ ৰহমান ৯০ টা ভোট লাভ কৰাৰ লগতে অধিবক্তা ৰফিকুল ইছলাম ৭০ টা ভোট লাভ কৰি প্ৰাৰ্থী দুগৰাকী উপ সভাপতি হিচাপে নিৰ্বাচিত হয়।

হাটশিঙিমাৰী উকীল সন্থাৰ নিৰ্বাচন

একেদৰে সহকাৰী সম্পাদকৰ পদত মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰিছিল যদিও ইয়াৰে তিনি গৰাকী প্ৰাৰ্থী ক্ৰমে অধিবক্তা ৰাশিদুল ইছলাম, অধিবক্তা আখিৰুল ইছলাম আৰু অধিবক্তা আনাৰুজ্জামান আহমেদ নিৰ্বাচিত হয়। মধ্য জেষ্ঠ্য সদস্য পদৰ বাবে মুঠ ৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনি গৰাকী প্ৰাৰ্থী ক্ৰমে ছাইফুল ইছলাম, নাজমুল হক আৰু মেহবুব আলম নিৰ্বাচিত হয়।

একেদৰে কনিষ্ঠ্য সদস্য পদৰ বাবে মুঠ ৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনি গৰাকী প্ৰাৰ্থী ক্ৰমে আক্ৰামুজ্জামান মণ্ডল, আবুল হুছেইন আৰু হুমাউন ৰশিদ নিৰ্বাচিত হয়। মহিলা সদস্যা পদত নিৰ্বাচিত হয় বেগম হাছিনা ভানু। হাছিনা ভানু ১০৬ ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদন্দি দুলিনা খাতুন ৫০ টা ভোট লাভ কৰি হাছিনা ভানুৰ হাতত ৫৬ ভোটৰ ব্যৱধানত পৰাস্ত হয়। আনহাতে জেষ্ঠ্য সদস্য পদৰ বাবে তিনি গৰাকী প্ৰাৰ্থী ক্ৰমে অধিবক্তা মহুবৰ ৰহমান, অধিবক্তা সৰদাৰ হাৰুনাল ৰসিদ আৰু ছাকোৱাত হুছেইন বিনা প্ৰতিদন্দিতাত নিৰ্বাচিত হয়।

লগতে পঢ়ক- ঘৰৰ ওপৰেৰে ১১হাজাৰ ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংযোগ

আবু ছালে মোহাম্মদ জাহাঙ্গীৰ একেৰাহে দ্বিতীয় বাৰৰ বাবে হাটশিঙিমাৰী উকীল সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ আনন্দিত বুলি সাংবাদিকৰ আগত মত বিনিময় কৰাৰ লগতে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা ৰফিকুল ইছলামেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উকীল সন্থা কেনেকৈ আগুৱাই নিব পাৰি আৰু জিলা ন্যায়িক আদালত গঠনৰ ক্ষেত্ৰত ১৭ জনীয়া এই নতুন সমিতিয়ে গুৰুত্ব প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply