গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত মাদ্ৰাছা বন্ধৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তত অনুমোদন দিলে। ২০২০ চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে ৰাজ্য চৰকাৰে আনিছিল নতুন আইন।
Assam Repealing Act 2020ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ সন্দৰ্ভত আদালতে অসম বিধানসভাত গৃহীত হোৱা আইনখন সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্ত বাহাল ৰাখে।

উল্লেখ্য যে, অসম চৰকাৰে মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত লোৱাৰ সময়ত ৰাজ্যত বহু বিতৰ্কৰ সৃষ্টি হৈছিল।

অসম চৰকাৰে ৰাজ্যখনৰ সকলো চৰকাৰী মাদ্ৰাছা বন্ধ কৰি ৬২০খনতকৈয়ো অধিক মাদ্ৰাছা শিক্ষানুষ্ঠান যোৱা বছৰৰ ১এপ্ৰিলৰ পৰা সাধাৰণ স্কুললৈ সলনি কৰাৰ সিদ্ধান্ত লৈছিল।

লগতে পঢ়কঃঅহা ১১ ফেব্ৰুৱাৰীত পৌৰ নিগমৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পিছত কিবা আপত্তি থাকিলে ভোটাৰসকলে ১৮ ফেব্ৰুৱাৰীলৈকে আপত্তি জনাব পাৰি

যোৱা ২০২০চনৰ ৩০ ডিচেম্বৰত Assam Repealing Act 2020 বিধানসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যপালৰ অনুমোদন লাভ কৰে।

ইয়াৰ বিপৰীতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ১৩জনকৈ আবেদনকাৰীয়ে দাখিল কৰা এখন লেখ আবেদন নাকচ কৰি মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে Assam Repealing Act 2020ৰ সাংবিধানিক বৈধতা বাহাল ৰাখে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply