কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডৰ জিতগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আজৱ কাণ্ড।
বিদ্যালয়খনৰ প্ৰধান শিক্ষক জয়নাল আবেদিনে কোভিড প্ৰট’কলক জলাঞ্জলি দি শিক্ষা বিভাগৰ নিৰ্দেশ অমান্য কৰি বিদ্যালয়তে বিতৰণ কৰিছে চাউল ।
শিক্ষা বিভাগৰ নিৰ্দেশ মতে মধ্যাহ্ণ ভোজনৰ চাউল ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ বিতৰণৰ কৰিব লাগে।
কিন্তু বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে সামাজিক ব্যৱধান পৰিহাৰ কৰি মাস্ক অবিহনেই বিদ্যালয়তে বিতৰণ কৰিছে চাউল।
যাৰ বাবে একাংশ সচেতন অভিভাৱকে চাউল বিতৰণ বন্ধ কৰিবলৈ অনুৰোধ জনাইছে ৷
এতিয়া প্ৰশ্ন হয়, যিটো সময়ত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিল কৰা হৈছে, কোভিড সংক্ৰমণ ৰোধ কৰিবলৈ নগাঁও জিলাত সম্পূৰ্ণ লকডাউনৰ পোষকতা কৰা হৈছে, তেনে সময়ত এইজন প্ৰধান শিক্ষকে গ্ৰহণ কৰা কাৰ্য কিমান গ্ৰহণযোগ্য ? এই শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে একাংশ সচেতন লোকে।
আৰু পঢ়কঃজামুগুৰিহাটত জীয়া ভৰলীৰ গাইড বান্ধ পৰিদৰ্শন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই