হাটশিঙিমাৰী : হাটশিঙিমাৰীত ১১,৭১২ গৰাকী দিব্যাংগ আৰু বয়োজ্যেষ্ঠ হিতাধিকাৰীৰ ৯ দিনীয়া শাৰীৰিক পৰীক্ষা শিবিৰ সম্পন্ন। প্ৰয়োজন অনুসৰি এই সকল হিতাধিকাৰীক প্রদান কৰা হ’ব জীৱন-যাপনৰ বাবে বিনামূলীয়া সা-সঁজুলি। দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু এলিমকোৰ সহযোগত ২২ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ৯ দিনীয়া কাৰ্যসূচীৰে মুঠ ১১,৭১২ গৰাকী দিব্যাংগ আৰু বয়োজ্যেষ্ঠ হিতাধিকাৰীৰ শাৰীৰিক পৰীক্ষা শিবিৰৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰা হয়।

উল্লেখযোগ্য যে জিলাখনৰ বয়োজ্যেষ্ঠ আৰু দিব্যাংগ ব্যক্তি সকলক ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু এডিআইপি আঁচনিৰ জৰিয়তে জীৱন যাপনৰ বাবে বিনামূলীয়াকৈ সা-সঁজুলি প্ৰদানৰ উদ্দেশ্যে জিলাখনৰ দক্ষিণ শালমাৰা, মানকাচৰ আৰু জিলাৰ সদৰ হাটশিঙিমাৰীত মুঠ ৯ দিনীয়া কাৰ্যসূচীৰে শাৰীৰিক পৰীক্ষাৰ শিবিৰ অনুষ্ঠিত কৰা হয়। ৯ দিনীয়া এই শাৰীৰিক পৰীক্ষা শিবিৰত মুঠ ১১,০০৬ গৰাকী বয়োজ্যেষ্ঠ আৰু ৭০৬ গৰাকী দিব্যাংগ হিতাধিকাৰীসহ মুঠ ১১,৭১২ গৰাকী হিতাধিকাৰীৰ শাৰীৰিক পৰীক্ষা কৰা হয়।

উল্লেখ্য যে ২২ অক্টোৰৰ পৰা ২৪ অক্টোবৰলৈ মানকাচৰ মহাবিদ্যালয়ত ২,৯৩৮ গৰাকী বয়োজ্যেষ্ঠ আৰু ২৩৯ গৰাকী দিব্যাংগ হিতাধিকাৰীসহ মুঠ ৩,১৭৭ গৰাকী হিতাধিকাৰীক শাৰীৰিক পৰীক্ষা কৰা হয়। একেদৰে ২৫ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ দক্ষিণ শালমাৰা মহাবিদ্যালয়ত ১,৯৫৩ গৰাকী বয়োজ্যেষ্ঠ আৰু ২০৬ গৰাকী দিব্যাংগ হিতাধিকাৰীসহ মুঠ ২,১৫৯ গৰাকী হিতাধিকাৰীক শাৰীৰিক পৰীক্ষা কৰা হয়। আনহাতে জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ৬,১১৬ গৰাকী বয়োজ্যেষ্ঠ আৰু ২৬১ গৰাকী দিব্যাংগ হিতাধিকাৰীসহ মুঠ ৬,৩৭৬ গৰাকী হিতাধিকাৰীক শাৰীৰিক পৰীক্ষা কৰাৰ পিছত এই ৯ দিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে।

লগতে পঢ়ক : আজিও অব্যাহত আছে ডবকা শালবাগানত প্ৰতিবাদী কাৰ্যসুচী

এই শাৰীৰিক পৰীক্ষাৰ বাবে জিলাখনত মুঠ ১৬,৪৯০ গৰাকী হিতাধিকাৰীয়ে গ্ৰাহক সেৱা কেন্দ্ৰ (চিএছচি)ৰ জৰিয়তে নাম পঞ্জীয়ন কৰিছিল। অহা বছৰৰ প্ৰথম মাহতেই শাৰীৰিক পৰীক্ষা সম্পন্ন হোৱা ১১,৭১২ গৰাকী হিতাধিকাৰীক জিলা প্ৰশাসনৰ আৰু এলিমকোৰ উদ্যোগত ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু এ ডিআইআই আঁচনিৰ পৰা বিনামূলীয়াকৈ সা-সঁজুলি প্ৰদান কৰা হ’ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply