গুৱাহাটী : হােজাই জিলাৰ উডালি হাস্পতালৰ কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ লগতে নাৰ্ছ, স্বাস্থ্যকর্মীক ৰােগীৰ আত্মীয়ই কৰা জঘন্য আক্রমণ আৰু বিগত কিছুদিনৰ পৰা বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যত চিকিৎসক, চিকিৎসাকর্মীৰ ওপৰত চলা পাশৱিক আক্রমণৰ ঘটনাৰ বিৰুদ্ধে ইণ্ডিয়ান মেডিকেল এছচিয়েচনৰ (আই এম এ) আহ্বানত চিকিৎসা, চিকিৎসাকর্মীসকলে দেশজুৰি শান্তিপূর্ণভাৱে প্রতিবাদ সাব্যস্ত কৰে। আই এম এ আহ্বানৰ প্রতি সহাঁৰি জনাই গুৱাহাটীৰ হেলথ চিটী হাস্পতালৰ চিকিৎসক, নাৰ্ছ চিকিৎসাকর্মীসকলেও সামগ্রীকভাৱে হাস্পতালৰ ওপৰত দুবৃত্তই চলােৱা আক্ৰমণৰ বিৰুদ্ধে হাতে হাতে বেনাৰ লৈ প্রতিবাদ সাব্যস্ত কৰে।
প্রতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি হেলথ চিটী হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ বি পি চক্ৰৱৰ্তীয়ে চিকিৎসকক আক্ৰমণৰ ঘটনাত কঠোৰ ভাষাৰে নিন্দা কৰে। তেওঁ প্রতিকুল ক’ভিড পৰিস্থিতিত বহু চিকিৎসক আৰু নাৰ্ছ নিজৰ জীৱন বলিদান দিয়া বুলি মন্তব্য কৰি কয়, চৰকাৰে দুবৃত্তৰ হাতৰ পৰা চিকিৎসক-চিকিৎসাকর্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক। তেওঁ প্রতিকুল অৱস্থাতাে চিকিৎসক-চিকিৎসাকর্মী সকলক নিষ্ঠাৰে কর্তব্য পালন কৰিবলৈও আহ্বান জনায়। আনহাতে হেলথ চিটী হাস্পতালৰ স্ত্ৰী আৰু প্ৰসূতিৰােগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কল্পনা চৌধুৰীয়ে অসমৰ লগতে বিভিন্ন ৰাজ্যত ৰােগীৰ অভিভাৱকৰ নামধাৰী একাংশ দুষ্কৃতিকাৰীয়ে অহৰহভাৱে চিকিৎসক, চিকিৎসাকর্মীসকলক কৰা আক্ৰমণৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰে।
আৰু পঢ়কঃ মানকাচৰত মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত নতুন ভেকচিন চেণ্টাৰ মুকলি
উল্লেখ্য যে ইণ্ডিয়ান মেডিকেল এছচিয়েছনে প্রতিবাদী কাৰ্যসূচী পালনৰ আহ্বান জনােৱাৰ লগতে চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকর্মীৰ বাবে সুৰক্ষা আইন প্রণয়ন, চিকিৎসালয়সমূহৰ নিৰাপত্তা ব্যৱস্থা অধিক সুদৃঢ় কৰা, চিকিৎসালয়সমূহক সংৰক্ষিত এলেকা হিচাপে ঘােষণা কৰা আৰু দুষ্কৃতিকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি ঘােষণা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। হেলথ চিটী হাস্পতালৰ প্রতিবাদী চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকর্মীসকলেও আই এম এৰ এই দাবীসমূহ পূৰণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনায়।