গুৱাহাটী : ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডত শনিবাৰে নতুনকৈ ৭০ গৰাকীক নিযুক্তি দিয়ে ৰাজ্য চৰকাৰে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শনিবাৰে আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চৰকাৰী দন্ত-চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা পদত ৩১ গৰাকী আৰু চিকিৎসা মহাবিদ্যালয়ৰ অশৈক্ষিক অনুষদ (ন’ন-টীচিং ফেকাল্টী)ৰ ৩৯ টা পদত বাচনি লাভ কৰা এই নৱনিযুক্ত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ প্ৰদান কৰে।

স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গুৱেল, আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, আয়ুক্ত (খাদ্য সুৰক্ষা আৰু পৰিদৰ্শন) মনালিছা গোস্বামী, বিশেষ সচিব কৃষ্ণা গোহাঁই, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্ৰ নাথ নাটেকে ধৰি বিভাগটোৰ শীৰ্ষবিষয়াবৰ্গই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ একাধিক নতুন চিকিৎসা মহাবিদ্যালয়ৰ ন’ন টীচিং ফেকাল্টীৰ ৫ গৰাকী ক্লিনিকেল ছাইক’ল’জীৰ প্ৰৱক্তা, ১৮ গৰাকী মেডিকেল ছ’চিয়েল ৱৰ্কাৰ, ৬গৰাকী চাইক্ৰিয়াট্ৰিক ছ’চিয়েল ৱ’ৰ্কাৰ, ৭ গৰাকী জুনিয়ৰ ফীজিচিষ্ট, ৩ গৰাকী চাইল্ড চাইক’ল’জিষ্ট আৰু চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৩১ গৰাকী প্ৰৱক্তাক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

নৱনিযুক্তসকলক সম্বোধি অনুষ্ঠানৰ মুখ্য অতিথি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘মানৱসেৱাৰ বাবে আগবাঢ়ি অহা আপোনালোক প্ৰতিগৰাকীকে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডলৈ আদৰণি জনাইছো। এখন কল্যাণকামী ৰাষ্ট্ৰৰ চৰকাৰৰ অংশ হিচাপে জনসাধাৰণক নিঃস্বাৰ্থ ভাৱে সেৱা আগবঢ়োৱাটোৱেই আমাৰ সকলোৰে দায়িত্ব। আমাৰ সমাজ বস্তুবাদী হৈ গৈ আছে আৰু বহুসময়ত ব্যৱসায়িক মানসিকতায়ো চিকিৎসা সেৱাৰ ক্ষেত্ৰখনক কম-বেছি পৰিমাণে প্ৰদূষিত কৰা পৰিলক্ষিত হয়।নিযুক্তি লাভ কৰা প্ৰতিগৰাকীয়েই এনে প্ৰদূষণৰ পৰা নিজকে মুক্ত ৰাখি স্বাস্থ্য বিভাগৰ সুনাম বৃদ্ধিৰ প্ৰয়াসৰত হ’ব বুলি আমি আশাবাদী।’ এই অনুষ্ঠানৰ মঞ্চৰ পৰাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নৱনিযুক্তসকলৰ লগতে ৰাজ্যত চিকিৎসা সেৱাত নিয়োজিতসকলক মনৰ পচন্দৰ স্থানলৈ বদলি বিচাৰি স্বাস্থ্য বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফূৰাৰ পৰা আঁতৰি থাকিবলৈও সোঁৱৰাই দিয়ে।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়, ‘আমাৰ স্বাস্থ্য বিভাগত প্ৰতিগৰাকী চিকিৎসক-চিকিৎসাকৰ্মীয়েই জনসাধাৰণৰ সেৱাৰ বাবেহে নিয়োজিত হৈ আছে। এই কথা প্ৰত্যেকেই আগন্তুক দিনত সদায়ে মনত ৰখা উচিত। আপোনালোকক যি ঠাইতেই নিযুক্তি দিয়া হৈছে, তাতেই ৰাইজক নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ মানসিকভাৱে প্ৰস্তুত হৈ আছে বুলি আমি আশা কৰিছো। কোনেও যাতে যোগদানৰ বাবে পচন্দৰ স্থান বিচাৰি স্বাস্থ্য বিভাগত লাগি নাথাকেহি, তাৰ বাবে আজিয়েই সকলোকে আমি কৈ থ’ব বিচাৰিছো। ৰাইজক সেৱা কৰিবলৈ য’তে সুবিধা পাইছে, তাতে সম্পূৰ্ণভাৱে আত্মনিয়োগ কৰিবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো।” আগন্তুক চাৰি-পাঁচ বছৰতে অসমত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সংখ্যা ২৩ খনলৈ বৃদ্ধি পাব বুলি জানিবলৈ দি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমত স্বাস্থ্যসেৱা খণ্ডৰ গুণগত মান উন্নীত কৰাৰ লগতে চিকিৎসা আন্তঃগাঁঠনিও ক্ষিপ্ৰতাৰে সম্প্ৰসাৰিত কৰি দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ শাৰীলৈ তোলাৰ বাবে ফলপ্ৰসু কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে পঢ়ক  : ক’ভাক্সিন লৈ বিপদত এতিয়া ছাত্ৰ ছাত্ৰী

ইয়াৰ অংশ হিচাপে ৰাজ্যত বৰ্তমান ৮ খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ নিৰ্মাণকাৰ্য বহুখিনি আগবাঢ়িছে আৰু পুনৰ নতুনকৈ আৰু ৫ খন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰো নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে আৰম্ভ হ’ব। নতুন চৰকাৰখনে যোৱা ১০ মে’ত দায়িত্বভাৰ গ্ৰহণৰ পাছতে যোৱা চাৰিটা মাহত স্বাস্থ্য বিভাগে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ১৬৬ গৰাকী বিশেষজ্ঞ চিকিৎসক, ৪৮২ গৰাকী এমবিবিএছ চিকিৎসক, ৩২৭ গৰাকী সামূহিক স্বাস্থ্য বিষয়া আৰু ৮৯৬ গৰাকী ষ্টাফ নাৰ্ছ নিযুক্তি দিয়া লবুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অতি কম দিনৰ ভিতৰতে আন ৩০০ গৰাকী চিকিৎসককো স্বাস্থ্য সেৱা খণ্ডত নিযুক্তি দিয়া হ’ব বুলি তেওঁ সদৰি কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে, ‘আজিৰ ৭০ গৰাকীকে ধৰি মুঠ ১,৯৪১গৰাকী চিকিৎসক, স্বাস্থ্যকৰ্মী, টেকনিচিয়ানক ইতিমধ্যে এইখন চৰকাৰৰ চাৰিমহীয়া কাৰ্যকালত নিযুক্তি দিয়াৰ পাছত স্বাস্থ্যসেৱা খণ্ডত নতুনকৈ ৮৮৫৫ টা পদত নিযুক্তিৰ বাবেও চলিত ছেপ্টেম্বৰতে আনুষ্ঠানিক ভাৱে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply