গুৱাহাটীঃ ক্ৰমাৎ শোচনীয় হৈছে অসমৰ ক’ভিড পৰিস্থিতি। কালিৰ দিনটোতে অসমত আক্ৰান্ত হৈছে ৫,৬২৬ জন। কেৱল কামৰূপ (মঃ)তে আক্ৰান্ত হৈছে ১,৫৫১ গৰাকী।
কৰোনা মহামাৰীৰ সময়ছোৱাত গুৱাহাটী মহানগৰীৰ সকলো ফ্লেট সমূহলৈ জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ।
এই নিৰ্দেশনা ফ্লেট পৰিচালনা সমিতি সমূহক পালন কৰিবলৈ ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযানে এলানি নীতি–নির্দেশনা জাৰি কৰিছে ৷
নির্দেশনাসমূহ–
ফ্লেটত বাহিৰৰ লোকৰ প্রৱেশ সীমিত কৰি সকলোৰে ভ্রমণ বিৱৰণ লিপিবদ্ধ কৰিব লাগিব৷
ফ্লেটৰ প্রৱেশদ্বাৰত হাত ধোৱা–ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব ৷
চৌহদৰ ভিতৰৰ পার্ক, ছুইমিং পুল, ফিটনেছ চেণ্টাৰ আৰু অন্যান্য ৰাজহুৱা সমাৱেশ স্থান বন্ধ কৰিব লাগিব ৷
ফ্লেটৰ চৌহদৰ লগতে লিফ্টৰ বুটাম, চিৰি আদি অতি কমেও তিনিবাৰকৈ পৰিষ্কাৰ আৰু বিজাণুমুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব ৷
ফ্লেটৰ আবাসীয়ে গেটৰ সন্মুখত সামগ্রী সংগ্রহৰ বাবে বাস্কেটৰ ব্যৱস্থা কৰিব লাগিব ৷
গৃহ আছুতীয়াকৰণ কৰিবলৈ নির্দেশ দিয়াসকলৰ ক্ষেত্রত পৰিচালনা সমিতিয়ে গোপনীয়তা বজাই ৰাখিব লাগিব ৷
গৃহ আছুতীয়াকৰণত থকা ব্যক্তিজনক দৈনন্দিন প্রয়োজনীয় সামগ্রী, ঔষধ আদি লাভ কৰাত সহায় কৰিব লাগিব ৷
আৰু পঢ়কঃ নিয়ন্ত্ৰণৰ বাহিৰত মাৰাত্মক ক’ভিড : ২৪ ঘণ্টাত ভাৰতত মৃত্যু ৪১৯১ জন ৰোগীৰ
সকলো সংক্রমণ নিয়ন্ত্রণ নীতি–নিয়ম মানি চলি প্রয়োজনীয় মানসিক–সামাজিক সমর্থন প্রদান কৰিব লাগিব ৷
ফ্লেটত বাহিৰৰ লোকৰ প্রৱেশ সীমিত কৰি সকলোৰে ভ্রমণ বিৱৰণ লিপিবদ্ধ কৰিব লাগিব৷
ফ্লেটৰ প্রৱেশদ্বাৰত হাত ধোৱা–ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব৷
চৌহদৰ ভিতৰৰ পার্ক, ছুইমিং পুল, ফিটনেছ চেণ্টাৰ আৰু অন্যান্য ৰাজহুৱা সমাৱেশ স্থান বন্ধ কৰিব লাগিব৷
ফ্লেটৰ চৌহদৰ লগতে লিফ্টৰ বুটাম, চিৰি আদি অতি কমেও তিনিবাৰকৈ পৰিষ্কাৰ আৰু বিজাণুমুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব৷
আৰু পঢ়কঃ নগাঁও জিলাৰ সকলো সাপ্তাহিক -দ্বিসাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ
ফ্লেটৰ আবাসীয়ে গেটৰ সন্মুখত সামগ্রী সংগ্রহৰ বাবে বাস্কেটৰ ব্যৱস্থা কৰিব লাগিব৷
গৃহ আছুতীয়াকৰণ কৰিবলৈ নির্দেশ দিয়াসকলৰ ক্ষেত্রত পৰিচালনা সমিতিয়ে গোপনীয়তা বজাই ৰাখিব লাগিব৷
গৃহ আছুতীয়াকৰণত থকা ব্যক্তিজনক দৈনন্দিন প্রয়োজনীয় সামগ্রী, ঔষধ আদি লাভ কৰাত সহায় কৰিব লাগিব৷
সকলো সংক্রমণ নিয়ন্ত্রণ নীতি–নিয়ম মানি চলি প্রয়োজনীয় মানসিক–সামাজিক সমর্থন প্রদান কৰিব লাগিব৷