গুৱাহাটী – আগন্তুক বিধানসভা নিৰ্বাচনত কামৰূপ মহানগৰ জিলাত কভিড-১৯ৰ বাবে স্বাস্থ্য বিভাগে ল’ব লগা ব্যৱস্থাসমূহৰ বিষয়ে বুধবাৰে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ অধিবেশন কক্ষত পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠকত জিলা প্ৰশাসন, গুৱাহাটী পৌৰ নিগম আৰু স্বাস্থ্য বিভাগৰ প্ৰতিনিধি উপস্থিত থাকে৷
বৈঠকখনত নিৰ্বাচনী বিষয়াসকলক কভিড প্ৰতিষেধক লোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ব্যৱস্থা, যেনে প্ৰচাৰ পত্ৰিকা বিতৰণ, প্ৰশিক্ষণ কেন্দ্ৰত বেনাৰ আৰু দৃশ্য-শ্ৰব্য প্ৰচাৰৰ সিদ্ধান্ত লোৱা হয়৷ নিৰ্বাচনী বিষয়াসকলক কভিড-১৯ৰ বাবে ল’ব লগা প্ৰয়োজনীয় সাৱধানতা আৰু টীকাকৰণৰ বিষয়ে প্ৰশিক্ষণ দিয়া, প্ৰশিক্ষণ কেন্দ্ৰ আৰু ভোটগ্ৰহণ কেন্দ্ৰত জৈৱ চিকিৎসা বৰ্জিত সামগ্ৰী নিষ্কাশনৰ ব্যৱস্থা কৰা আৰু সকলো প্ৰশিক্ষণ কেন্দ্ৰ আৰু ভোটগ্ৰহণ কেন্দ্ৰত ১% ছডিয়াম হাইপক্লৰাইডযুক্ত মিশ্ৰনেৰে ছেনিটাইজ কৰাৰ বিষয়ে সিদ্ধান্ত লোৱা হয়৷
বিশেষকৈ ভোটগ্ৰহণ কেন্দ্ৰত জৈৱ চিকিৎসা বৰ্জিত সামগ্ৰী নিষ্কাশনৰ উপযুক্ত ব্যৱস্থা কৰাৰ ওপৰত গুৰূত্ব আৰোপ কৰা হয়৷ বৈঠকখনত গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্ত পুলক মহন্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডৰথী ছুচিয়াং, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শৰ্মিষ্ঠা বৰা, যুটীয়া স্বাস্থ্য সঞ্চালক ডা° গনেশ শইকীয়া, কামৰূপ মহানগৰৰ সকলো খণ্ড উন্নয়ন বিষয়া, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি আৰু জিলা আৰু খণ্ড পৰ্যায়ৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া সকল উপস্থিত থাকে৷