গোৰেশ্বৰঃ গোৰেশ্বৰত আয়ুস্মান ভাৰতৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে স্বাস্থ্য মেলাৰ আয়োজন। বাক্সা জিলাৰ চাৰিটা ব্লক আৰু তামুলপুৰ জিলাৰ ২ টা ব্লকৰ পি এইচ চিত এই স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। স্বাস্থ্যমেলাত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে খেলা-ধূলা, যোগ ব্যায়াম আদিৰ দ্বাৰা কিদৰে স্বাস্থ্য সযতনে ৰাখিব পৰা যায় সেয়া প্ৰদৰ্শন কৰা হয়।

লগতে পঢ়কঃমাস্ক পিন্ধিহে প্ৰৱেশ কৰিব পাৰিব চিকিৎসালয়ৰ চৌহদত

স্বাস্থ্য মেলাৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৰাইজে উপকৃত হ’ব পৰাকৈ “আভা” কাৰ্ড খুলি দিয়াৰো ব্যৱস্থা কৰা হয়।আয়ুস্মান ভাৰতৰ এই স্বাস্থ্য মেলাত উদ্যোগ লোৱা ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ ইনচাৰ্জ তথা অভিজ্ঞ চিকিৎসক নৱ চক্ৰৱৰ্তীৰ লগতে কেইবাটাও অভিজ্ঞ চিকিৎসকে অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য মেলাত গোৰেশ্বৰ অঞ্চলৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply