নিউজ ডেস্ক : মুখৰ দুৰ্গন্ধই আমাৰ বহুতকে বিভিন্ন সময়ত অসুবিধাত পেলায়। মুখৰ পৰা এক অস্বাভাৱিক কেচেমা গোন্ধ নিৰ্গত হোৱা এই সমস্যাক ইংৰাজীত ‘বেড ব্ৰেথ’ বা Halitosis বুলি কোৱা হয়।

বিভিন্ন কাৰণ যেনে – মুখ বা দাঁত ভালকৈ পৰিষ্কাৰ নকৰা, দাঁতৰ ৰোগ, দাঁতৰ আলুৰ বিভিন্ন ৰোগ, মুখগহ্বৰৰ ৰোগ, লিভাৰৰ বিভিন্ন অসুখ, শ্বাসতন্ত্ৰৰ বিভিন্ন ৰোগ আদিৰ ফলত এই সমস্যাই দেখা দিব পাৰে। 

মুখৰ দুৰ্গন্ধ আঁতৰ কৰাৰ কেইটিমান ঘৰুৱা উপায় –

প্ৰতিদিনে দাঁত ব্ৰাছ কৰি জিভা, আৰু মুখগহ্বৰ পৰিষ্কাৰ কৰাৰ লগতে নিমখ পানী বা এন্টিচেপ্টিক মাউথ ৱাছেৰে দাঁত আৰু মুখগহ্বৰ ছাফা কৰিব লাগে।

পদিনা পানীৰে মুখৰ কুলি কুলি কৰিলে বা পদিনা পাত চুবালেও মুখৰ দুৰ্গন্ধৰ পৰা যথেষ্ট সুফল পাব পাৰি।

ৰাতি আহাৰ খোৱাৰ পিছত দাঁত ব্ৰাছ নকৰিলে অৱশিষ্ট খাদ্য দাঁতৰ ফাঁকত সোমাই পচি দুৰ্গন্ধৰ সৃষ্টি হয়, সেয়ে নিতৌ ৰাতি শোৱাৰ সময়ত ব্ৰাছ কৰিব লাগে।

কম মছলাযুক্ত খাদ্য খাব লাগে। প্ৰচুৰ আঁহজাতীয় আৰু সুষম পুষ্টিকৰ আহাৰ খাব লাগে। সুৰাপান আৰু ধঁপাত সেৱন ত্যাগ কৰিব লাগে। 

নিম তিতাৰ পাত বা ছালেৰে চাহৰ দৰে বনাই থালে যথেষ্ট সুফল পাব পাৰি। ইয়াৰ উপৰি গ্ৰীণ টিত থকা এণ্টি বেক্টেৰিয়েল উপাদানেও মুখৰ দূৰ্গন্ধ নাইকিয়া কৰাত যথেষ্ট সহায় কৰে।

লগতে পঢ়ক : হেপ্পী বাৰ্থডে চাহাল! ৩১ বছৰীয়া ক্ৰিকেটাৰ গৰাকীৰ জীৱনৰ ৯ টা বিশেষ কথা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply