গুৱাহাটী : হোজাই জিলাৰ ওদালি আদৰ্শ চিকিৎসালয়ত মঙলাবাৰে এগৰাকী চিকিৎসকক আক্ৰমণৰ ঘটনাৰ লগত জড়িত আটাইকেইজন অপৰাধীকে নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক জৰুৰী নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰে। নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আক্ৰমণৰ বলি হোৱা ডাঃ সেউজ সেনাপতিক দেখা কৰাৰ পিছতে স্বাস্থ্যমন্ত্ৰীৰ এই ঘোষণা। দুদিনীয়া কাৰ্যসূচীৰে উজনি আৰু উত্তৰ অসমত ক’ভিড পৰিস্থিতি বুজ লোৱাৰ মাজতে বিশ্বনাথৰ পৰা মঙলাবাৰে সন্ধিয়া ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ আহত চিকিৎসকগৰাকীক সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লয় স্বাস্থ্যমন্ত্ৰীয়ে।
ইয়াৰ পিছতে নিশা নগাঁও অসামৰিক চিকিৎসালয়ত সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়, ‘এয়া অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা, আমি মৰ্মাহত হৈছো। এই ঘটনাক ৰাজ্য চৰকাৰৰ ফালৰ পৰা গৰিহণা দি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে এই ধৰণৰ ঘটনাক আমি কোনো কাৰণতে সহ্য নকৰো। ঘটনাত জড়িত কাকো ৰেহাই দিয়া নহ’ব। ক’ভিডৰ এই জটিল সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ কৰি দিনে নিশাই চিকিৎসা সেৱা আগবঢ়াই থকা আমাৰ প্ৰতিগৰাকী চিকিৎসক, স্বাস্থ্য কৰ্মীসকলৰ গাত হাত দিয়া কাৰ্যৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱা হ’ব। আজি নিশাৰ ভিতৰতে আক্ৰমণকাৰী আটাইকেইজনকে গ্ৰেপ্তাৰৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।’
লগতে পঢ়ক : হোজাই জিলাৰ উদালীৰ ফুলতলিত ক’ভিড ৰোগীৰ নিহতক লৈ কনিষ্ঠ চিকিৎসক ডা: সেউজ কুমাৰ সেনাপতিক আক্ৰমন
ৰাজ্যৰ প্ৰতিগৰাকী চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক চৰকাৰে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব বুলি ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা ৰাজ্যৰ কোনো চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ গাত হাত দি কোনোৱেই সাৰি যাব নোৱাৰিব। ক’ভিড পৰিস্থিতিৰ এই জটিল সময়ৰ মাজতে চিকিৎসকৰ ওপৰত সংঘটিত এই আক্ৰমণক ৰাজ্য চৰকাৰে অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়, ‘হোজাইৰ ওদালিত সংঘটিত এই ঘটনাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ প্ৰত্যোত্তৰ দিব লাগে, সেই প্ৰত্যোত্তৰ আজি নিশাৰ ভিতৰতে দিয়া হ’ব। কোনেও ৰেহাই নাপাব।’