তেজপুৰ : তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিলে নৱ নিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। শোণিতপুৰ জিলাৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী।শনিবাৰে বিয়লি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত উপস্থিত হৈ ক’ভিডত আক্ৰান্ত ৰোগীৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক সকলৰ সৈতে পৃথকে পৃথকে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়।

মন্ত্ৰীগৰাকীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে বিধায়ক পদ্ম হাজৰিকা, গনেশ কুমাৰ লিম্বু আৰু পৃথ্বীৰাজ ৰাভাৰ লগতো আলোচনাত মিলিত হয়। ইফালে ৰঙাপৰাৰ বিজেপি দলৰ বিধায়ক কৃষ্ণ কমল তাতীয়ে ক’ভিড ৰোগীৰ যি হোম আইচলচেন ব্যৱস্থা সেয়া বাগিচা এলেকাত সম্ভাব নহয় কাৰণ বাগান অঞ্চলৰ সাত-আঠ জনীয়া পৰিয়াল একেলগে থাকে বুলি মন্তব্য কৰে।

বাগান এলেকাত হোম আইচলচনৰ পৰিবৰ্তে ক’ভিড কেয়াৰ চেণ্টাৰ খুলি ৰোগীক চিকিৎসা কৰা দৰকাৰ বুলিও মন্তব্য কৰে ৰঙাপৰাৰ নৱনিবাচিত বিধায়ক কৃষ্ণ কমল তাতীয়ে।বাগানত ভেকচিনেচৰ যি ব্যৱস্থা সেয়া সলনি কৰিব লাগে মোৱাইলত বুকিং কৰি চাহ শ্ৰমিক সকলে ভেকচিন গ্ৰহণ কৰাত সমস্যা আহেও বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply