গুৱাহাটী : দেশত বৰ্তমানেও অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ। দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে আক্রান্তৰ সংখ্যা। বিশেষকৈ মহানগৰী গুৱাহাটীত উন্নত হোৱা নাই ক’ভিড পৰিস্থিতি।

গুৱাহাটীৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে কিছুমান বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে এক সংবাদ মেল অনুষ্ঠিত কৰি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমুহৰ সম্পৰ্কে জানিবলৈ দিয়ে।

স্বাস্থ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত থকা ১২০৪ টা ভোটকেন্দ্ৰক আধাৰ হিচাপে লৈ ক’ভিড সম্পৰ্কে স্বাস্থ্য বিভাগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভোটকেন্দ্ৰ সমূহক আধাৰ হিচাপে লৈ মহানগৰীত ক’ভিড ভেকচিন নোলোৱা সকলৰ তালিকা প্ৰস্তুত কৰিব স্বাস্থ্য বিভাগে। শনিবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়া ৩ দিন ধৰি চলিব।

গুৱাহাটীৰ ভোটকেন্দ্ৰ সমূহৰ পৰা ভোটাৰৰ তালিকা সংগ্ৰহ কৰি ২৫ আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত গুৱাহাটী মহানগৰীত ক’ভিড ভেকচিন নোলোৱা সকলক ভেকচিন দিয়া কাম সম্পন্ন কৰা হ’ব। ইফালে ক’ভিড ভেকচিন ল’বলৈ গুৱাহাটীবাসীয়ে ৮৯২৯১০৩৩৭৭৬ নম্বৰত মিছ কল দিলে ওচৰত থকা কেন্দ্ৰত ভেকচিন লাভ কৰিব।

গুৱাহাটী মহানগৰীত ভেকচিনৰ সমগ্ৰ দায়িত্বত থাকিব কামৰূপ মহানগৰ জিলা উপায়ুক্ত। আনহাতে গুৱাহাটীৰ সকলো শ্বপিং মল আৰু ব্যবসায়িক প্ৰতিষ্ঠানে ভেকচিন লোৱা প্ৰমাণ পত্ৰ ওলমাই ৰাখিব লাগিব। ক’ভিড বিৰোধী যুঁজত ৰাইজ সজাগ নহ’লে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক : বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তত বিদ্যুৎস্পৃষ্ট হৈ দুজনী মাইকী বনৰীয়া হাতীৰ মৃত্যু

ৰাজ্যত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা ৫০০ লৈ হ্ৰাস হ’লে নীতি নিয়ম শিথিল কৰা হ’ব বুলিও কয় স্বাস্থ্যমন্ত্ৰীয়ে। আনহাতে মহানগৰীত আক্ৰান্তৰ সংখ্যা ১০০ ৰ তললৈ নামিলে শিথিল হ’ব নীতি নিয়ম। গুৱাহাটীত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই যদিও ইয়াৰ মাজতে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। জন আশীৰ্বাদ যাত্ৰাৰ জনসমাগম সম্পৰ্কে স্বাস্থ্যমন্ত্ৰীক প্ৰশ্ন কৰাত বিষয়টোৰ পৰা ফালৰি কাটি সংবাদমেল ত্যাগ কৰে স্বাস্থ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply