গুৱাহাটীৰ : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অসমৰ শেহতীয়া কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যবাসীক অৱগত কৰে। শেহতীয়াকৈ দেশত তীব্ৰৰূপ লোৱা অ’মিক্ৰনক লৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়- অ’মিক্ৰনৰ বাবে ৯ হাজাৰ বিছনা সাজু কৰি ৰখা হৈছে। লগতে অসমত এতিয়া মুঠ ১৬০০ আই চি ইউ বিছনা আছে। ইয়াৰ ১০০০ খনেই ৰখা হৈছে ক’ভিডৰ বাবে।

ইফালে কোৰোনাত আক্ৰান্তৰ পৰিসংখ্যা দাঙি ধৰি তেওঁ কয়- এতিয়ালৈ ৬ লাখ ২০ হাজাৰ ৫৭৩ জন লোক আক্ৰান্ত হৈছে কোভিডত। ইয়াৰে আৰোগ্য হৈছে ৬ লাখ ১২ হাজাৰ ২৮২গৰাকী ৰোগী। বৰ্তমানলৈ অসমত কোৰোনাত আক্ৰান্ত হৈ ৬,১৬৬ গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি সদৰি কৰে কেশৱ মহন্তই।শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত বিশেষ সৰ্তকতা আৰোপ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে। তেওঁ লগতে জনায়-সকলো শিক্ষানুষ্ঠানক তদাৰক কৰিবলৈ প্ৰতিজন উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰা হৈছে।

এতিয়ালৈ ৰাজ্যত মুঠ ৩ কোটি ৭৫ লাখ পালি টিকাকৰণ সম্পন্ন হোৱা বুলিও তথ্য দাঙি ধৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকলো জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য আৰু শিক্ষা), বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মিলিত হৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত অহা ৩ জানুৱাৰী ২০২২ৰ পৰা আৰম্ভ কৰিবলৈ লোৱা ১৫-১৮ বছৰ বয়সসীমাৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলক ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত বিস্তাৰিত ভাৱে আলোচনা কৰে।

লগতে পঢ়ক  :  মাৰ্ঘেৰিটাৰ মাকুমত ব্যক্তি সন্ধানহীন

উপায়ুক্তসকলক বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে নিজ নিজ জিলাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰতিখনতে অধ্যয়নৰত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আগতীয়াকৈ নিৰূপণ কৰি সুচাৰুভাৱে ক’ভিড টিকাকৰণৰ বাবে প্ৰয়োজনীয় কাৰ্য-পৰিকল্পনাৰ চূড়ান্ত ৰৃপ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply