ৰাজ্যত এতিয়াৰে পৰা নতুনকৈ দিয়া নহয় ক’ভাক্সিন ভেকচিন । বন্ধ কৰা হৈছে ক’ভাক্সিন ভেকচিন । কেৱল দ্বিতীয় ডজ ক্ষেত্ৰতহে থাকিব ক’ভাক্সিন । যিসকলে ক’ভাক্সিন ভেকচিন ইতিমধ্যে প্ৰথম ডজ লোৱা হৈছে সেইসকলে ৪২ দিনৰ ভিতৰত দ্বিতীয় ডজ লব পাৰিব । ক’ভাক্সিনৰ সীমিত যোগানৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত । ক’ভাক্সিনৰ প্ৰথম ডজ দিলে দ্বিতীয় ডজৰ বাবে অসুবিধা হব পাৰে ।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেল সম্বোধন কৰি জনাইছে এই কথা । ৰাজ্যৰ ডেৰলাখ লোকক ক’ভাক্সিনৰ দ্বিতীয় ডজ প্ৰদান কৰা হব । এক লাখ ক’ভাক্সিন বৰ্তমান মজুত আছে আৰু অহা সপ্তাহত ৫০ হেজাৰ আহিব । তথ্য মতে ডেৰলাখ হলে প্ৰথম ডজ লোৱাসকলৰ দ্বিতীয় ডজ সম্পূৰ্ণ হব । কভিশ্বিল্ড ভেকচিন ৰাজ্যত পৰ্যাপ্ত পৰিমানে আছে ।
সেইদৰে মন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত কোভিশ্বীল্ডৰ অভাৱ হোৱা নাই বুলি জনোৱাৰ লগতে এতিয়াৰ পৰা প্ৰথম ডোজ হিচাপে কেৱল কোভিশ্বীল্ড দিয়া হ’ব বুলিও জানিবলৈ দিয়ে। ইফালে ভেকচিনৰ পৰা কোনো যা’তে বাদ নপৰে তাৰ বাবে সৰলীকৰণ নীতি গ্ৰহণ কৰা হৈছে বুলি সংবাদমেলত জনাই কেশৱ মহন্তই। মন্ত্ৰীগৰাকীৰ মতে, আজিৰ তাৰিখত ৰাজ্যত কোভিশ্বীল্ড ৩.২লাখ আৰু কোভাক্সিন ২০ হাজাৰ মজুত আছে।
ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসা মাচুল সন্দৰ্ভতো কিছুমান নিৰ্দেশনা জাৰি কৰা হৈছে । ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে এতিয়াৰে পৰা কোভিড ৰোগীৰ পৰা ইচ্ছা অনুসৰি লব নোৱাৰিব ধন । এই সন্দৰ্ভত ধাৰ্য কৰি দিয়া হৈছে নির্দিষ্ট মাচুল । চুপাৰ স্পেচিয়েলিটি হস্পিটেলে সাধাৰণ বেডত প্ৰতিদিনে সৰ্বাধিক ৫০০০ টকা আৰু সাধাৰণ হস্পিটেলত সৰ্বাধিক ৪০০০ টকা ধাৰ্য কৰা হৈছে । চুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কেবিনত সৰ্বাধিক ৬৫০০ টকা আৰু সাধাৰণ হস্পিটেলৰ কেবিনত ৫০০০ টকা লব পাৰিব । এতিয়াৰে পৰা হোম আইছ’লেচন ব্যৱস্থা নাথাকিব সকলো বয়সৰ ৰোগীৰ ক্ষেত্ৰত ।প্ৰতিষেধক ক্ৰয়ৰ বাবে বেচৰকাৰী হাস্পতালক তিনিমাহৰ বাবে চৰকাৰে সুদ বিহীন ঋণ দিব ।
লগতে পঢ়ক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰে আগবঢ়ালে পঞ্চাশ হাজাৰ এটকা