গুৱাহাটী : ক’ভিডসৃষ্ট পৰিস্থিতি পর্যালােচনাৰ বাবে শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্রশাসন, আৰক্ষী প্রশাসনৰ লগতে স্বাস্থ্য বিভাগৰ বিভিন্ন দায়িত্বত থকা বিষয়া আৰু স্বাস্থ্যকর্মীৰ লগত এখন সভাত মিলিত হয়। জিলাখনৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তিনিটা T ৰ ওপৰত গুৰুত্ব আৰােপ কৰি মন্ত্ৰীগৰাকীয়ে এই তিনি T – Testing, Tracing আৰু Treatment ৰ ওপৰত গুৰুত্ব দিবলৈ জিলা প্রশাসন, আৰক্ষী প্রশাসন আৰু স্বাস্থ্য বিভাগক আহ্বান জনায়।
জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিড সম্পর্কত জিলাখনৰ বৰ্তমানৰ সামগ্রিক পৰিস্থিতি সভাত জানিবলৈ দি ব্যক্ত কৰে যে কামৰূপ মহানগৰৰ দৰে ঘন বসতিপূর্ণ এখন জিলাত ‘টিম ৱৰ্কৰ জৰিয়তেহে বর্তমান ক’ভিড পজিটিভ ৰােগীৰ সংখ্যা ৩ শতাংশলৈ নিম্নগামী কৰিবলৈ সক্ষম হৈছে। আনহাতে, পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্তই ক’ভিড ৰােগীৰ সংস্পৰ্শলৈ অহা ৭৪,৮২৭ গৰাকী ব্যক্তিক পৰীক্ষা কৰাৰ পিছত ৮১৮৩ গৰাকী পজিটিভ ব্যক্তি চিনাক্ত কৰা হয় বুলি মন্ত্রীগৰাকীৰ আগত ব্যক্ত কৰি কয় যে এই লােকসকলক সময়ত চিনাক্ত নকৰা হ’লে জিলাখনৰ ক’ভিড পৰিস্থিতি আৰু ভয়াবহ হােৱাৰ উপক্ৰম আছিল। জিলাখনৰ ক’ভিড কেয়াৰ চেণ্টাৰসমূহত খালি থকা বিচনাৰ বিষয়েও সভাত ব্যক্ত কৰে জিলা উপায়ুক্তজনে।
ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ ১০০০ খন বিচনাৰ ২৯৯ খন, কাহিকুচি এচ আই আৰ ডিৰ ২৭০ খন বিচনাৰ ৫০ খন, সৰুসজাইৰ ৪০০ খন বিচনাৰ ২৯০ খন ব্যৱহাৰ হৈ থকাৰ বাহিৰে মুঠ ১০৯০ খন বিচনা খালি আছে বুলি জানিবলৈ দি উপায়ুক্তগৰাকীয়ে বর্তমান বিচনাৰ ক্ষেত্ৰত চিন্তাৰ কোনাে কাৰণ নাই বুলি জানিবলৈ দিয়ে। উপায়ুক্তজনে লগতে মন্ত্রীগৰাকীক ব্যক্ত কৰে যে যােৱা ১ এপ্রিলৰ পৰা ১১ জুনলৈকে জিলাখনৰ ৬,৩৮,৫৫২ জন ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে ৫১,৮৮৩ জন ক’ভিড পজিটিভ চিনাক্ত হৈছিল আৰু বর্তমানে ২,৮১৫ জন ক’ভিড ৰােগী কামৰূপ মহানগৰ জিলাত আছে। ইয়াৰ বিপৰীতে ১১ জুন পর্যন্ত মৃত্যু হৈছে ৭৪৮ গৰাকী ক’ভিড ৰােগীৰ।
লগতে পঢ়ক : এইবাৰ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বিজেপি নেতা পৰিল আৰক্ষীৰ জালত
তেনেদৰে ক’ভিড প্রতিষেধকৰ ক্ষেত্ৰত জিলাখনৰ ৫,১৫,৭৬৫ জন লােকে ক’ভিশ্বিল্ড আৰু ৯১,১২৭ জন লােকে ক’ভেক্সিন প্রতিষেধক লৈছে বুলি উপায়ুক্তগৰাকীয়ে স্বাস্থ্যমন্ত্রীক জানিবলৈ দিয়ে। স্বাস্থ্য মন্ত্রীগৰাকীয়ে প্রশাসনৰ ক’ভিড মােকাবিলাৰ কাম-কাজত সন্তুষ্টি প্রকাশ কৰে। তেওঁ গাওঁবুঢ়া, চক্ৰ বিষয়া আদি তৃণমূল পর্যায়ৰ পৰা শীর্ষলৈকে সকলােকে একাগাট হৈ এই মহামাৰীক পৰাভূত কৰিবলৈ আহ্বান জনায়। কভেক্সিন প্রতিষেধকৰ প্রথম পালি লােৱা ব্যক্তিসকলে এই প্রতিষেধক দ্বিতীয় পালি লােৱাৰ ক্ষেত্ৰত অভাৱৰ সন্মুখীন নহয় বুলি ব্যক্ত কৰি তেওঁ সভাত কয় যে প্রয়ােজন অনুসৰিহে ক’ভেক্সিনৰ দ্বিতীয় পালি যােগান ধৰা হ’ব।