শিলচৰ মেডিকেল কলেজ হস্পিতাল পৰিদৰ্শন কৰি অক্সিজেন আৰু আইচিইউ বিচনাৰ উপলব্ধতাকে ধৰি ক’ভিড চিকিৎসা সেৱাৰ বাবে প্ৰয়োজনীয় জৰুৰী আন্তঃগাঠনিৰ চাক্ষুস বুজ লয়।ইয়াৰ পিছতে চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ সভাকক্ষত অনুষ্ঠিত হোৱা বৈঠকত সতীৰ্থ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে কাচাৰ জিলা প্ৰশাসন, আৰক্ষী, জিলাখনৰ স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী আৰু লোকনিৰ্মাণ(গৃহ) বিভাগৰ মূৰব্বী বিষয়া আৰু চিকিৎসা মহাবিদ্যালয় হস্পিতাল কৰ্তৃপক্ষৰ সৈতে মিলিত হৈ জিলাখনৰ সামগ্ৰিক ক’ভিড পৰিস্থিতি, ক’ভিড প্ৰতিৰোধৰ বাবে লোৱা কাৰ্যব্যৱস্থাৱলী আৰু চিকিৎসা আন্তঃগাঠনিৰে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ পৰ্যালোচনা কৰে।
ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ যাতে এজনো লোকৰ মৃত্যু নহয় তাৰ ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে ৷ দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত হৈ এই মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷
শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয় আৰু সোনাই, শিলচৰ, কাটিগড়া, উদাৰবন্দৰ সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা, দীপায়ন চক্ৰবৰ্তী, খলিলউদ্দিন মজুমদাৰ আৰু মিহিৰকান্তি শ্বুমেৰ লগতে কাচাৰৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধীক্ষক, জিলা স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গই আজিৰ এই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।