নিউজ ডেস্ক : বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি অসমকে ধৰি মেঘালয়, বিহাৰ, অৰুণাচল প্ৰদেশ আদি ৰাজ্যত অহা ৩ জুলাইলৈকে ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি এই সময়ছোৱাত পশ্চিমবংগ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কোনো কোনো অঞ্চলত প্ৰবল বৃষ্টিপাত পৰিব পাৰে।
অসমকে ধৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্য, মধ্য প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, তামিলনাডু, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, পঞ্জাব, গুজৰাট, হিমাচল প্ৰদেশ আদি বহুকেইখন ৰাজ্যৰ বিভিন্ন স্থানত বিজুলী-ঢেৰেকণিৰে ৩০ৰ পৰা ৬০ কিলোমিটাৰ বেগত ধুমুহা বৰষুণ হ’ব পাৰে।
এই সময়ছোৱাত মাছ-মৰীয়া সকলক দক্ষিণ-পশ্চিম আৰু মধ্য-পশ্চিম আৰৱ সাগৰ, উত্তৰ আৰৱ সাগৰ আৰু গুজৰাটৰ উপকূল অঞ্চলত মাছ ধৰিবলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে।
উক্ত অঞ্চলসমূহত ৪০ৰ পৰা ৬০ কিলোমিটাৰ পৰ্য্যন্ত বেগত ধুমুহা বতাহ আহিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে মাছ-মৰীয়াসকলক সতৰ্ক কৰি দিছে।
লগতে পঢ়ক : পুনৰ অখিল গগৈৰ বিৰুদ্ধে নিয়াৰ আন এক অভিযোগনামা