গুৱাহাটীঃ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট জয় কৰিলে হাজোৰ হেদায়েৎ আলীয়ে। আজি পুৱা ৭বাজি ৩০ মিনিটত হেদায়েৎ আলীয়ে মাউন্ট এভাৰেষ্টৰ শিখৰ আৰোহণ কৰে। ইয়াৰ লগে লগে অসমৰ সপ্তম গৰাকী পৰ্বতাৰোহী হিচাপে চিহ্নিত হ’ল হেদায়েৎ আলী।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া নিবাসী হেদায়েৎ আলী এগৰাকী ছফটৱেৰ ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত। ইয়াৰ পূৰ্বেও হেদায়েৎ আলীয়ে দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ একনকাগুৱা, ইউৰোপৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰুছ আৰু আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ কিলিমাঞ্জাৰো আৰোহন কৰিছিল।
হেদায়েৎ আলীয়ে ১১ জন পৰ্বতাৰোহীৰ এটা আন্তৰ্জাতিক দলৰ সৈতে শৃংগ আৰোহণ কৰিছিল।