গুৱাহাটী : বর্তমান সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতাে কভিড মহামাৰীৰ দ্বিতীয় ঢৌ ভয়াবহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে ভাৰতৰ ভিন্ন ৰাজ্যত এই মহামাৰীযে ইমানেই ভয়ংকৰ ৰূপ লৈছে যে চিকিৎসালয়ত ৰােগীৰ বাবে ঠাই নােহােৱা হৈছে, অক্সিজেনৰ অভাৱ ঘটিছে। যােৱা বছৰৰ তুলনাত এইবাৰ সংক্ৰমণৰ হাৰাে অধিক হৈছে। অনিচ্ছা স্বত্বেও দেশৰ ৰাজধানী দিল্লীত পুনৰবাৰ লকডাউন দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
অসমতাে ইতিমধ্যে সন্ধিয়া ৬ বজাৰ পৰা দোকান বন্ধ কৰিবলৈ প্রশাসনে নির্দেশনা জাৰি কৰিছে।আগন্তুক দিনবােৰত পৰিস্থিতি কোন দিশে গতি কৰিব সেয়া এতিয়াও অনিশ্চিত। এনে এক জৰুৰী পৰিস্থিতিত ৰাইজৰ মাজত সজাগতা অতি প্রযােজনীয়। এনেকুৱা এক জটিল সময়ত যােৱা বছৰৰ দৰে এইবাৰাে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্রদেশে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে।
৯৭০৬৬৯৫৬০৪ আৰু ৭৫৭৮৮১৯৫৮৪ এই দুটা নম্বৰত ফোন কৰিলে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্য্যকর্তাসকলে দুর্যোগৰ এই সময়ছােৱাত ৰাইজক যিকোনাে প্রকাৰে সহায় কৰিবলৈ প্ৰস্তুত থাকিব। ভাৰতীয় জনতা যুৱ মৰ্চাই ৰাইজক ঘৰত থাকি সুৰক্ষিত থাকিবলৈ আহ্বান জনাইছে।