সম্প্ৰতি চাৰিওফালে চলি থকা ক’ভিড মহামাৰীৰ ফলত বেছিভাগ লোকেই এতিয়া ‘ৱৰ্ক ফ্ৰম হোম’ কৰিবলৈ বাধ্য হৈছে। কিন্তু ‘ৱৰ্ক ফ্ৰম হোম’ৰ সময়ত কেইবা ঘণ্টা ধৰি অশুদ্ধ ভংগিমাত বহি কাম কৰিলে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।
আৰামৰ কথা ভাবি আমি বেছি সংখ্যকেই হয়টো চোফা বা বিছনাত বহি কাম কৰিবলৈ ভাল পাঁও। কিন্তু এইয়া খুব ভূল কথা। হাত-ভৰি সিৰামূৰি ধৰাকে আৰম্ভ কৰি শৰীৰক বিভিন্ন ধৰণৰ বিষৰ পৰা আঁতৰাই ৰাখিবলৈ হ’লে শুদ্ধ ভংগিমাত বহি কাম কৰাটো খুবেই দৰকাৰী।
ইয়াৰ উপৰি বহুত দেৰি ধৰি কম্পিউটাৰত কাম কৰি থাকিলে আপোনাৰ চকুৰ ওপৰত যথেষ্ট হেঁচা পৰে যাৰ ফলত মূৰৰ বিষ, পিঠিৰ বিষ, ডিঙিৰ বিষ আদিয়ে দেখা দিয়ে।
ফিজিঅ’থেৰাপিষ্ট তনুময় সৰকাৰৰ মতে, ‘কৰ্মব্যস্ততাৰ মাজে মাজে অলপ সময়ৰ কাৰণে জিৰণি লোৱাটো যথেষ্ট দৰকাৰী। কিছুমান পাতলীয়া ধৰণৰ ব্যয়াম আদি কৰিব পাৰি, ই আপোনাৰ শৰৰীক সক্ৰিয় কৰি ৰখাৰ লগতে জঠৰ ভাব নোহোৱা কৰিব।’
‘ৱৰ্ক ফ্ৰম হোম’ৰ সয়মত শৰীৰটোক ভালদৰে ৰাখি কিদৰে কাম কৰিব?
১. চোফা বা বিছনাত লেপটপ লৈ শুই/বহি কাম নকৰিব।
২. পাৰিলে এখন ডেস্ক বা টেবুলত বহি কাম কৰিব।
৩. পৰাপক্ষত সঠিকভাৱে বহি কাম কৰিব পৰা এখন চকী লওক।
৪. কম্পিউটাৰ স্ক্ৰিণৰ পৰা প্ৰায় এহাত দূৰত বহক।
৫. একেৰাহে এঘণ্টাতকৈ বেছি সময় বহি থকাৰ পৰা বিৰত থাকক। এঘণ্টাৰ অন্তৰে অন্তৰে একোটা ১০ মিনিটৰ ব্ৰেক লওক।
শৰীৰটোক সক্ৰিয় আৰু মজবুত কৰি ৰখাৰ কেইটামান সহজ ব্যায়াম:
চিন টাকচ (Chin Tucks)
তলৰ ভিডিঅ’ত দেখুওৱাৰ দৰে ডিঙিটোক পোন কৰি ৰাখি থুঁতৰিটোক তললৈ কোঁচাই আনক।
এইদৰে ১০ বাৰ মান ১০ চেকেণ্ডকৈ থাকিবলৈ চেষ্টা কৰক।
থ’ৰাচিক এক্সটেনশ্যন (Thoracic Extension)
ভিডিঅ’ত দেখুওৱাৰ দৰে এটা ফ’ম ৰোলাৰ বা ডাঠ টাৱেল এখন ৰোল কৰি পিঠিৰ তলত ৰাখি ওপৰ মূৱাকৈ শুই দিয়ক।
এক মিনিট ধৰি একেদৰে থাকক।
ফিগাৰ-৪ হিপ স্ট্ৰেচ (Figure-4 Hip Stretch)
ভিডিঅ’ত দেখুওৱাৰ দৰে এটা ভৰিৰ সৰুগাঁঠি আনটো ভৰিৰ আঁঠু বা ঊৰুৰ ওপৰত ৰাখক।
আঁঠুটোত দুয়োখন হাতেৰে ধৰি লৈ তাক এবাৰ ওপৰলৈ এবাৰ তললৈ অনা নিয়া কৰক।
২০-৩০ চেকেণ্ড ধৰি এটা ভৰিত কৰাৰ পিছত আনটো ভৰিটো একেদৰে কৰক।
ৱাল পাচ্ছৰ এক্সাৰচাইজ (Wall Posture Exercise)
ভিডিঅ’ত দেখুওৱাৰ দৰে এখম ৱালত পিঠি দি থিয় হওক, যাতে দুয়োটা গোৰোহা, নিতম্ব, পিঠিৰ ওপৰৰ অংশ, বাউসি আৰু মূৰৰ পিছৰ অংশই ৱালখন স্পৰ্শ কৰে।
থুঁতৰিটো তললৈ কোঁচাই বাউসি দুটা পিছলৈ নিয়ক।
ৰাজহাড়ডাল চিধা কৰি ৰাখিব।
এক মিনিট ধৰি একেদৰে থকাৰ পিছত পুনৰ কৰিব।
লগতে পঢ়ক : আপোনাৰ বাবে লৈ আনিছো কেইটিমান বাছকবনীয়া অসমীয়া গানৰ Spotify playlist