ডিফুঃ কাৰ্বিআংলং জিলাৰ বোকাজানত বৃহৎ পৰিমাণৰ হেৰ’ইন সহ আটক দুজন। জব্দ কৰা হেৰ’ইনখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ৮কোটি টকা হ’ব বুলি আৰক্ষীয়ে জনাইছে। দেওবাৰে অসম-নগালেণ্ডৰ সীমান্তৱৰ্তী খটখটীত অসম আৰক্ষী আৰু চিআৰপিএফে চলোৱা যুটীয়া অভিযানত এখন গাড়ীৰ পৰা উদ্ধাৰ হয় হেৰ’ইনখিনি।গাড়ীখনৰ পিছৰ চিটৰ তলত উদ্ধাৰ হয় ৭৫টা প্লাষ্টিকৰ চাবোনৰ বাকচত ৯৬৬গ্ৰাম হেৰ’ইখিনি।

আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ীদুজন নগালেণ্ডৰ ফেক জিলাৰ চল’মন আৰু চাইমন বুলি জানিব পৰা গৈছে।

বোকাজানৰ জ্যেষ্ঠ আৰক্ষী বিষয়া জন দাসে কয়, ” এক গোপন খবৰৰ ভিত্তিত আমি ড্ৰাগছ সৰবৰাহৰ খবৰ পাইছিলো। ইয়াৰ পিছতেই বোকাজান আৰক্ষী আৰু চিআৰপিএফৰ এক যুটীয়া দলে পুৱা প্ৰায় ৬.৩০ বজাত আমি অভিযান চলাইছিলো। তালাচীত পশ্চিম বংগৰ নম্বৰ পঞ্জীয়ন থকা এখন বাহনৰ আসনৰ তলত ৭৫ টা চাবোন কেচত প্ৰায় এক কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিছিলো। আমি নাগালেণ্ডৰ ফেক জিলাৰ বাসিন্দা চল’মন আৰু চাইমন নামৰ দুজন ড্ৰাগছ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰিছো। জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ মূল্য ৭-৮ কোটি টকা বুলি অনুমান কৰা হৈছে।”

এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট কৰিছে। টুইটাৰযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ কামৰ প্ৰশংসা কৰি কয়, “কাৰ্বি আংলঙত আজি পুৱাৰ ভাগত @assampolice য়ে ডব্লিউ বি ৭৪ পি ৪৪৫৬ নম্বৰৰ এখন গাড়ীত অভিযান চলাই ৭৫ টা চাবোনৰ বাকচত ৯৬৬ গ্ৰাম হেৰ’ইন জব্দ কৰে। লগতে দুজন অভিযুক্তক আটক কৰা হৈছে। ভাল কাম @karbianglongpol @DGPAssamPolice।

উল্লেখ্য যে, ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান চলাই থকা স্বত্বেও কাৰ্বি আংলং জিলাৰ বোকাজান অঞ্চলত নিচাজাতীয় সামগ্ৰী আৰু অন্যান্য নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায় অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply