গুৱাহাটী : বৃহস্পতিবাৰে আৰক্ষীয়ে কাৰ্বি আংলঙত এক অভিযান চলাই মহিলাসহ দুগৰাকী ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ পৰা ৭ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰে।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত গ্ৰাহকৰ বেশত যোৱা আৰক্ষীৰ এটা দলে খটখটি আৰক্ষী থানাৰ অন্তৰ্গত জনক পুখুৰীত ডিমাপুৰস্থিত এগৰাকী মহিলাৰ পৰা ১৬৪টা পেকেটত ভৰ্তি ২.১২ কেজি হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।

উক্ত মহিলা গৰাকীৰ লগতে আৰক্ষীয়ে আন এজন লোককো সেই স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : জুলাইৰ পৰা ১২-১৮ বছৰ বয়সৰ ল’ৰা ছোৱালীৰ ওপৰত ভেকচিনৰ ট্ৰায়েল আৰম্ভ কৰিব ছিৰাম ইন্সটিটিউটে

ডিডি ওৰফে থ’ পাউনে নামৰ মণিপুৰৰ মহিলা গৰাকীয়ে দীৰ্ঘদিনৰ ধৰি নগাঁও, মৰিগাঁও আৰু গুৱাহাটী আদি স্থানলৈ ড্ৰাগছৰ যোগান ধৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয়, ‘এক বৃহৎ সাফ্যলত অসম আৰক্ষীয়ে কাৰ্বি আংলঙত এটা বৃহৎ ড্ৰাগছ চক্ৰক গ্ৰেপ্তাৰ কৰে। চক্ৰটোৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত ৭ কোটি টকা মূল্যৰ ২ কেজিতকৈ অধিক হেৰইন জব্দ কৰা হয়।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply