প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক : সোমবাৰে অসম আৰক্ষীয়ে নগাঁও আৰু কাৰ্বি আংলঙত অভিযান চলাই ৮ কোটি টকা মূল্যৰ হেৰোইন জব্দ কৰে ।

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। সোমবাৰে অসম আৰক্ষীৰ এক অভিযানত ৮ কোটি টকা মূল্যৰ হেৰোইন জব্দ হোৱাৰ লগতে এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী আহত হয়।

আৰক্ষীৰ সূত্ৰক প্ৰকাশ পোৱা মতে সোমবাৰে নগাঁও আৰু কাৰ্বি আংলঙত চলোৱা পৃথক পৃথক অভিযানত আৰক্ষীয়ে ৮ কোটি টকাৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয়।

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কাৰ্বি আংলঙৰ ডিমাপুৰ দেওবৰীয়া বজাৰ পথত অভিযান চলোৱাৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰী দলে আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল, ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত এজন সৰবৰাহকাৰী আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আহত লোকজনৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল উদ্ধৰ কৰা বুলি এজন আৰক্ষী বিষয়াই সদৰী কৰে।

উক্ত অভিযানত আৰক্ষীয়ে ৫০টা চাবোনৰ কেচত ভৰাই ৰখা ৬২৬ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে, হেৰোইনখিনিৰ মূল্য ৬ কোটি টকা হ’ব বুলি আৰক্ষীৰ বিষয়াজনে কয়।

সৰবৰাহকাৰী দলটোৰ বাকী সদস্যসকলৰ সন্ধানত অভিযান চলাই থকা হৈছে বুলি উল্লেখ কৰি তেওঁ জনাই যে ২জন সদস্যই নাগালেণ্ডৰ দিশত পলায়ন কৰিছে।

আনহাতে নগাঁৱৰ ননৈত চলোৱা অভিযানত ৩০৩ গ্ৰাম হেৰোইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জনায়। উদ্ধাৰ কৰা হেৰোইনখিনিৰ মূল্য ২ টকা হ’ব বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

ধৃত লোকজনক মণিপুৰৰ সেনাপতি জিলাৰ ম’ষ্ট ৱানটেড ড্ৰাগছ সৰবহাৰকাৰী আৰ কে হপিংছন বুলি চিনাক্ত কৰা হৈছে। ডিমাপুৰৰ পৰা নগাঁৱত ড্ৰাগছ সৰবৰাহ কৰিবলৈ অহাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জনায়।

লগতে পঢ়ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত নিযুক্তি সৃষ্টি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply