ডিফুঃ কাৰ্বিআংলং জিলাত বৃহৎ পৰিমাণৰ হে’ৰইন সহ আটক দুজন। আটকাধীন লোক দুজনৰ এজন বিহাৰৰ বৈশালী জিলাৰ আৰু আনজন মৰিগাঁৱৰ ভূৰাগাঁৱৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে সন্ধিয়া নগালেণ্ডৰ ডিমাপুৰৰ পৰা দুয়োগৰাকী ড্ৰাগছ ব্যৱসায়ীয়ে নিচাজাতীয় দ্ৰব্যখিনি লৈ মটৰচাইকেলত আহি থকা অৱস্থাত ডকমকা আৰক্ষীৰ টহলদাৰী দলে অভিযান চলাই প্ৰায় দুয়োগৰাকীকে আটক কৰাৰ লগতে ১২২.২২ গ্ৰাম হেৰ’ইন জব্দ কৰে। ড্ৰাগছ ব্যৱসায়ী দুয়োগৰাকীৰ পৰা আৰক্ষীয়ে নগদ ৫০০০টকাও জব্দ কৰে।

জব্দকৰা হেৰ’ইনখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৮০লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply