স্মৃতি ৰেখা লাহন, টীয়ক: যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ হাবি গাঁৱৰ এজন যুৱক নাম মৃদুপৱন শইকীয়া ৷ অতি দৰিদ্ৰ তথা সাধাৰণ পৰিয়ালৰ এইজন যুৱকে যোগাভ্যাসৰ দ্বাৰা অসম তথা টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
টীয়কৰ দৰে এখন ঠাইত য’ত ক্ৰীড়া ক্ষেত্ৰৰ আন্ত:গাঠনি একেবাৰে দুৰ্বল,এখন উন্নত মানৰ খেলপথাৰৰ অভাব সেইখন টীয়কৰ গ্ৰাম্যাঞ্চলৰ এইজন যুৱকে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে কেৱল সামাজিক মাধ্যম তথা ইউ টিউৱত চাই চাই আয়ত্ব কৰা যোগাভ্যাসেৰে সকলোকে আকৰ্ষণ কৰিছে।
শেহতীয়াকৈ হাৰিয়ানাৰ এক যোগাসন সম্বন্ধীয় সৰ্বভাৰতীয় পৰ্য্যায়ৰ অনুষ্ঠান গিচাৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অনলাইন যোগে এক যোগাসনৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল য’ত বিশ্ব মুঠ আঠখন ৰাষ্ট্ৰ ভাৰত, ব্ৰিটেইন, ভিয়েটনাম, পাকিস্তান, ভূটান, নেপাল, মালায়েচিয়া, ছিংগাপুৰৰ মুঠ ২৬ হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ।
এই প্ৰতিযোগিতাত মৃদুপৱনে “বিপৰীত ত্ৰিটিভাসন” আসনটো সৰ্বাধিক ২৬ মিনিট কৰি “হাই ৰেঞ্জ বুক অব ৱল্ড ৰেকৰ্ড” (Hige rang of world record) গঢ়িবলৈ সক্ষম হৈ সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনি সকলোকে গৌৰৱাম্বিত কৰি তুলিছে। অনুষ্ঠানটোৰ দ্বাৰা মৃদুপৱনক সন্মানীত কৰে।