মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ পিছত পৰীক্ষাৰ ফলাফল কি সুত্ৰৰ আধাৰত হ’ব সেই সম্পৰ্কে নীতি প্ৰস্তুত কৰিবলৈ ৰাজ্যৰ শিক্ষাবিভাগে ঘোষণা কৰিলে দুখন কমিটিৰ সদস্য সকলৰ নাম।
ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল কিদৰে প্ৰদান কৰিব সেই বিষয়ে আৰ্হি প্ৰস্তুত কৰিবলৈ গঠন কৰিছে কমিটি দুখন।
হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীক কিদৰে ফলাফল প্ৰদান কৰিব সেই বিষয়ে আৰ্হি প্ৰস্তুত কৰিব এই কমিটি দুখনে।
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলৰ বাবে গঠন কৰা হৈছে এখন কমিটি আৰু উচ্চতৰ মাধ্যমিকৰ বাবে গঠন কৰিছ আন এখন কমিটি। দুয়োখন কমিটিতে একোজনকৈ অধ্যক্ষসহ আছে ৯ জনকৈ সদস্য।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বৰগোঁহাইৰ নেতৃত্বত মেট্ৰিকৰ মাৰ্কিঙৰ ক্ষেত্ৰত ৯ জনীয়া কমিটী গঠন কৰা হৈছে।আনহাতে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত উচ্চতৰ মাধ্যমিকৰ মাৰ্কিঙৰ ক্ষেত্ৰত ৯ জনীয়া কমিটী গঠন।

মেট্ৰিকৰ মাৰ্কিঙৰ ক্ষেত্ৰত ৯ জনীয়া কমিটীখনৰ অধ্যক্ষ হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বুঢ়াগোহাঁই। কমিটীখনৰ আহ্বায়ক হ’ল ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি। সদস্যসকল  ক্ৰমে আৰ চি জৈন, প্ৰসন্ন বৰা, এছ এন দাস, ৰঞ্জিত দাম, হাকিম টৰফদাৰ, চি বি ৰায় আৰু মৃনাল খাউণ্ড।

আনহাতে উচ্চতৰ মাধ্যমিকৰ মাৰ্কিঙৰ ক্ষেত্ৰত কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাক অধ্যক্ষ হিচাপে লৈ কমিটীত আছে  নিবেদিতা লস্কৰ, ড: এছ এন বৰ্মন, ড: এছ বৰকাকতি, ইদ্ৰিছ আলী, ৰতন পাল, দীপিকা চৌধুৰীৰ লগতে শিক্ষা সংসদৰ চেয়াৰমেন আৰু সচিব।

ৰাজ্য চৰকাৰে শনিবাৰে গঠন কৰি দিয়া দুয়োখন কমিটীয়ে ৭ দিনৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিব। এই ৰিপৰ্টৰ ওপৰত ভিত্তিতে ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বীট প্ৰস্তুত কৰিব শিক্ষা বিভাগে।

লগতে পঢ়ক সোমবাৰৰ পৰা ৰাজ্যত ভেকচিনক লৈ নতুন অভিযান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply