নিউজ ডেস্কঃ কাইলৈ (২০ ফেব্ৰুৱাৰী,২০২৩)ৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এইবাৰৰ চূড়ান্ত পৰীক্ষাত হ’ব মুঠ ৩ লাখ ৪২ হাজাৰ ৮৬৯ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব।

ৰাজ্যৰ মুঠ ৮৫৬ টা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ  কলা শাখাত ২ লাখ ৭২  হাজাৰ ৫২৯, বিজ্ঞান শাখাত ৪৭ হাজাৰ ৪৬৫, বাণিজ্য শাখাত ২০,৯০৭ আৰু বৃত্তিগত শাখাত ১,৯৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব।

ইতিমধ্যে প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ শিক্ষা সংসদে এডমিট কাৰ্ড আৰু পৰীক্ষাৰ উত্তৰ বহী প্ৰেৰণ কৰিছে লগতে প্ৰতিখন জিলাৰ সদৰ থানালৈ প্ৰশ্নকাকত সমূহ প্ৰেৰণ কৰা হ’ব বুলি শিক্ষা সংসদে জানিবলৈ দিয়ে। ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া পৰীক্ষা ২০ মাৰ্চত অন্ত পৰিব ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।

এইবাৰৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ প্ৰশ্নকাকত পঢ়িবলৈ অতিৰিক্ত ১০ মিনিট সময় দিয়া হ’ব বুলি শিক্ষা সংসদে জানিবলৈ দিয়ে। লগতে বিগত বৰ্ষৰ দৰে পৰীক্ষা কেন্দ্ৰত মোবাইল, ইলেকট্ৰনিক ঘড়ী, কেলকুলেটাৰ আদি সকলো ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰা হৈছে আৰু প্ৰতি পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ সময়ত ১৪৪ ধাৰা জাৰি কৰা হ’ব।

উল্লেখযোগ্য যে, এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থী সকলে ২০২১ চনত কোভিড মহামাৰী বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ উত্তীৰ্ণ ঘোষণা কৰিছিল। একেদৰে ২০২২ চনত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুস্থিত নকৰাকৈয়ে উত্তীৰ্ণ ঘোষণা কৰে। সেয়েহে এইবাৰ প্ৰথমবাৰৰ বাবে পৰীক্ষাৰ্থীসকলে ৰাজ্যিক ভিত্তিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব।

লগতে পঢ়ক – কোকৰাঝাৰত আৰ্চাৰী বাচনি শিবিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply