গুৱাহাটীঃ ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৩.৮৪ শতাংশ। এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১,৫৬,১০৭ গৰাকী পৰীক্ষাৰ্থী। উত্তীৰ্ণ হৈছে ১,৩০,৩২৪ গৰাকী। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৯,৪৮৭ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫২,৯৪৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪৭,৮৯৩ গৰাকী পৰীক্ষাৰ্থী। এই বৰ্ষৰ ফলাফলত কলা শাখাত ৯৪.৬৭ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত আছে ধেমাজি জিলা। 

বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৯২.১৯ শতাংশ। বিজ্ঞান শাখাত মুঠ পৰীক্ষাৰ্থী অৱৰ্তীৰ্ণ হৈছে ৩৩৫৩৪ গৰাকী। উত্তীৰ্ণৰ সংখ্যা ৩০৯১৫ গৰাকী। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২০১৭১ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৯৮৩৩ গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৯১১ গৰাকী।

আনহাতে বাণিজ্য শাখাত মুঠ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ১৫১৯৯ গৰাকী। উৰ্ত্তীৰ্ণ হয় ১৩২৬৪ গৰাকী। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮৭.২৭ শতাংশ। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৫০১৮ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫১৮৬ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩০৬০ গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply