নগাঁও জিলাৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক পদৰ পৰা অপসাৰন কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যয়ালয়ে।
বিদ্যালয়ৰ অধ্যক্ষ পদৰ বাবে আবেদন কৰাৰ যোগ্যতা নথকাৰ পিছতো নিযুক্তি লাভ কৰিছিল এই গৰাকী অধ্যক্ষই ৷
শিক্ষা বিভাগক মেনেজ কৰি জালিয়াতিৰে অধ্যক্ষৰ পদ দখল কৰাৰ সময়ত অথবা আবেদন কৰাৰ সময়ত নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকক লিখিত অভিযোগ দিয়া হৈছিল যদিও অনিয়মৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল ৷
এই ঘটনা সংগঠিত হৈছে নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ অন্তৰ্গত শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৷ অধ্যক্ষ গৰাকী হ’ল দিলীপ কুমাৰ শৰ্মা।
ঘটনাটোৱে ন্যায়ালয়ৰ মজিয়া পোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোগ্যতা নথকাৰ পিছতো অধ্যক্ষৰ পদ দখল কৰা দিলীপ কুমাৰ শৰ্মাক অধ্যক্ষ পদৰ পৰা খাৰিজ কৰি শিক্ষা বিভাগক যাৱতীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰে ৷
গুৱাহাটী উচ্চতম ন্যায়ালৰ সঞ্জয় কুমাৰ মোডিৰ আদালতে WP(C)/5717/2017 গোচৰৰ ভিত্তিত দিলীপ কুমাৰ শৰ্মাক অধ্যক্ষ পদৰ পৰা খাৰিজ কৰি পেনেলত থকা আন যোগ্য ব্যক্তিক অধ্যক্ষ পদত অধিস্থিত কৰোৱাবলৈ নিৰ্দেশ দিয়ে ৷