গুৱাহাটী : আজি ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিকৰ ফলাফল। কলা, বাণিজ্য আৰু বিজ্ঞান তিনিওটা শাখাৰ ফলাফল ঘোষণা কৰা হয় আজি। তিনিওটা শাখাৰ মুঠ ২,৪৮,৭২৮ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২,৪৬,২২৫ গৰাকী উত্তীৰ্ণ হৈছে।

কলা শাখাৰ উত্তীৰ্ণ হাৰ ৯৮.৯৩ শতাংশ। কলা শাখাত মুঠ ১,৯১,৮৫৫ পৰীক্ষাৰ্থীৰ ভিতৰত
উত্তীৰ্ণ হৈছে ১,৮৯,৭৯৩ গৰাকী। ইয়াৰে প্ৰথম বিভাগত ৫৮,২৪৪, দ্বিতীয় বিভাগত ৮৯,৫২০ আৰু
তৃতীয় বিভাগত ৪২,০২৯ গৰাকী উত্তীৰ্ণ হৈছে।

বাণিজ্য শাখাত মুঠ ১৮,৪৪৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে ১,৮৩৬৪ গৰাকী। বাণিজ্য শাখাত প্ৰথম বিভাগ লাভ কৰিছে ১১,১৮৯ গৰাকী, দ্বিতীয় বিভাগ লাভ কৰিছে ৫,৪৯৭ গৰাকী আৰু তৃতীয় বিভাগ লাভ কৰিছে ১,৬৭৮ গৰাকীয়ে। বাণিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ।

আনহাতে বিজ্ঞান শাখাৰ মুঠ ৩৮,৪৩০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে ৩৮,০৬৮ গৰাকী। বিজ্ঞান শাখাৰ উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ। বিজ্ঞান শাখাত প্ৰথম বিভাগত ৩২,১৯৭ গৰাকী, দ্বিতীয় বিভাগত ৪,৬০৯ গৰাকী আৰু তৃতীয় বিভাগত ৫৪২ গৰাকী উত্তীৰ্ণ হৈছে।

লগতে পঢ়ক : অপ্ৰতিৰোধ্য লাভলীনা : ১৯৯৭ চনৰ ২ অক্টোবৰৰ পৰা টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেল…

উচ্চতৰ মাধ্যমিকত এইবাৰ কলা শাখাত উত্তীৰ্ণ হাৰ ৯৮.৯৩ শতাংশ, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দৰে এইবাৰ উচ্চৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ উত্তীৰ্ণৰ হাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ, বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ । কলা শাখাত সৰ্বাধিক উত্তীৰ্ণ মাজুলী জিলাত ৯৯.৯১ শতাংশ । কলা শাখাত সৰ্বনিম্ন উত্তীৰ্ণ হৈছে চৰাইদেওত ৯৬.১৭ শতাংশ ।
বাণিজ্যত ১০০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ১৩খন জিলা, বিশ্বনাথ, ধেমাজী, ধুবুৰী, গোৱালপাৰাত ১০০ শতাংশ উত্তীৰ্ণ,
কোকৰাঝাৰ, মাজুলী, মৰিগাঁৱত ১০০ শতাংশ উত্তীৰ্ণ, নলবাৰী, দক্ষিণ শালমৰা, ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত ১০০ শতাংশ উত্তীৰ্ণ ।চৰাইদেও, চিৰাঙতো ১০০ শতাংশ উত্তীৰ্ণ , সৰ্বনিম্ন উত্তীৰ্ণ জিলা ডিমা হাচাও ।

বিজ্ঞান শাখাত ১০০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ডিমা হাচাও । বিজ্ঞান শাখাত কোকৰাঝাৰত সৰ্বনিম্ন ৯৬.৮৬ শতাংশ উত্তীৰ্ণ । কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৫৮,২৪৪ গৰাকী, কলা শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮৯,৫২০ গৰাকী, কলা শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ ৪২,০২৯ গৰাকী । বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ১১,১৮৯ গৰাকী, বাণিজ্য শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৪৯৭ গৰাকী, বাণিজ্য শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ ১,৬৭৮ গৰাকী । বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৩২,৯১৭ গৰাকী, বিজ্ঞান শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৪৬০৯ গৰাকী । বিজ্ঞান শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ ৫৪২ গৰাকী ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply