গুৱাহাটী – কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিত আছে সর্বাধিক ভােটাৰ। বিগত নির্বাচনৰ তুলনাত এইবাৰ গুৱাহাটী মহানগৰীৰ অন্তৰ্গত চাৰিটা সমষ্টিত ভােটাৰৰ সংখ্যা বৃদ্ধি পালে ১,৩৬,৫০২ জন।
কামৰূপ মহানগৰ নির্বাচন জিলাৰ অন্তৰ্গত জালুকবাৰী, দিছপুৰ, পূৱ গুৱাহাটী আৰু পশ্চিম গুৱাহাটী এই চাৰিওটা বিধানসভা সমষ্টিত বিগত ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ তুলনাত এইবাৰ মুঠ ভােটাৰৰ সংখ্যা বাঢ়িল ১,৩৬,৫০২ গৰাকী। জিলাখনত মুঠ ভােটাৰৰ সংখ্যা এইবাৰ ১১,৩৭,৩৭৬ গৰাকী হােৱাৰ পৰিবর্তে ২০১৬ বৰ্ষত ভােটাৰৰ সংখ্যা আছিল ১০,০০,৮৭৪ গৰাকী।
জিলাখনৰ ৫১ নং জালুকবাৰী বিধানসভা সমষ্টিত সর্বমুঠ ২,০২,৪০০ জন ভােটাৰৰ ভিতৰত ৯৯,৮০৪ গৰাকী পুৰুষ, ১,০২,৫৮৫ গৰাকী মহিলা আৰু ১১ গৰাকী তৃতীয় লিংগৰ ভােটাৰ আছে। কামৰূপ মহানগৰ নির্বাচন জিলাৰ চাৰিওটা বিধানসভা সমষ্টিৰ ভিতৰত ৫২ নং দিছপুৰ বিধানসভা সমষ্টিত সর্বাধিক ৪,০৬,৫৫৬ গৰাকী ভােটাৰ আছে। ইয়াৰ ভিতৰত ২,০২,৪২৩ গৰাকী পুৰুষ, ২,০৪,১২১ গৰাকী মহিলা আৰু ১২ গৰাকী তৃতীয় লিংগৰ ভােটাৰ।
আনহাতে, ৫৩ নং পূব গুৱাহাটী বিধানসভা সমষ্টিত ১,১৭,২১৪ পুৰুষ, ১,১৯,০৬৪ গৰাকী মহিলা আৰু ১১ গৰাকী তৃতীয় লিংগৰ ভােটাৰেৰে সৰ্বমুঠ ভােটাৰৰ সংখ্যা আছে ২,৩৬,২৮৯ গৰাকী। তেনেদৰে, ৫৪ নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ মুঠ ২,৯২,১৩১ গৰাকী ভােটাৰৰ ভিতৰত ১,৪৪,৬৪৫ গৰাকী পুৰুষ, ১,৪৭,৪৭৮ গৰাকী মহিলা আৰু ৮ গৰাকী তৃতীয় লিংগৰ ভােটাৰ।
উল্লেখনীয় যে, জালুকবাৰী সমষ্টিত ২৯৭ টা, দিছপুৰত ৬০৭ টা, পূব গুৱাহাটীত ৩৫৩ টা আৰু পশ্চিম গুৱাহাটীত ৪৫০ টা ভােট গ্রহণ কেন্দ্ৰৰে জিলাখনত মুঠ ১৭০৭ টা ভােট গ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, জালুকবাৰীত ২৬ টা, দিছপুৰত ৯ টা, পূর্ব গুৱাহাটীত ২ টা আৰু পশ্চিম গুৱাহাটীত ৩০ টা ভােট গ্রহণ কেন্দ্রক জটিল ভােটগ্রহণ কেন্দ্র হিচাপে চিহ্নিত কৰা হৈছে।