গুৱাহাটী : আজি কলাক্ষেত্ৰত কিছু সময়ৰ পিছতে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগতে এই ১৩ গৰাকী সম্ভাব্য মন্ত্ৰীয়ে। ইয়াৰে ভিতৰত প্ৰথমবাৰৰ বাবে মন্ত্ৰী হ’ব ইউপিপিএলৰ ইউ জি ব্ৰহ্ম, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ধেমাজীৰ বিধায়ক ডাঃ ৰনোজ পেগু, বিধায়ক অশোক সিংঘাল, টিংখাং সমষ্টিৰ বিধায়ক বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত বিমল বৰাই।
আনহাতে মন্ত্ৰী ৰূপে শপত ল’ব লগা বাকীসকল হ’ল অগপৰ অ তুল বৰা আৰু কেশৱ মহন্ত, পিযুষ হাজৰিকা, ন বিজেপি তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগ, পূৰ্বৰ চৰকাৰৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষান, পূৰ্বৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু চন্দ্ৰ মোহন পাটোৱাৰী পুনৰ থাকিব কেবিনেট মন্ত্ৰী হিচাপে।
আৰু পঢ়ক: পঞ্চদশ মুখ্য মন্ত্ৰী হিচাপে শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই
ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এগৰাকী কেবিনেট পৰ্য্যায়ৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পিছত দলৰ সভাপতিৰ পদ এৰাৰ কথা। ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।