গুৱাহাটীঃ ৰাজ্যত দ্ৰুত হাৰত ক’ভিডৰ গণসংক্ৰমণ হৈছে। বিগত ২৪ ঘণ্টাত প্ৰাণ হেৰুৱাইছে ৪১ গৰাকী লোকে।

ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা৷

বিগত ২০টা দিনত গুৱাহাটী মহানগৰীত সর্বমুঠ ১৭,৬৯০জন লোক ক’ৰোনাত আক্রান্ত হৈছে ৷

আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পল্টনবজাৰ ৰে’লৱে ষ্টেচনত অস্থায়ী ক’ভিড কেন্দ্ৰ নিৰ্মাণৰ বাবে পৰ্যবেক্ষণ কৰে।

হস্পিতাল সমূহত বিছনাৰ সংখ্যা কমাৰ বাবে এই পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ।

৭ নং প্লেটফৰ্মত ৰে’লৰ ডবাত ক’ভিডকেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে প্ৰশাসনে।

২০ টা ডবাত ১৫২ খন বিছনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰৰ বনোৱাৰ পৰিকল্পনা কৰি মন্ত্ৰী গৰাকীয়ে আজি পল্টনবজাৰ ৰে’লৱে ষ্টেচন পৰ্যবেক্ষণ কৰে।

ইতিমধ্যে ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ে ৰে’লৰ ডবা সমূহ ক’ভিডকেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ১৫০ ডবা আগবঢ়াইছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

এই ডবাসমূহত অক্সিজেন চিলিণ্ডাৰৰো সম্পূৰ্ণ সুবিধা থাকিব।

আনহাতে, ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিতো এটা ক’ভিড চেণ্টাৰ আৰম্ভ কৰাৰ লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চুপাৰ স্পেচিয়েলিটি ৱাৰ্ডকো ক’ভিডৰ বাবে মুকলি কৰা হৈছে।

এই সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে অক্সিজেন আৰু আইচিইউ বেডৰ এটা লিমিট আছে, প্ৰাইভেট নাৰ্চিং হোমসমূহক ক’ভিডৰ বাবে আৰু বেড মুকলি কৰাৰ আহ্বান জনাইছো।

কিন্তু দৈনিক ১০ হাজাৰ আক্ৰান্ত হ’লে দিল্লীৰ দৰে পৰিৱেশ হ’ব অসমত। দিল্লীৰ দৰে অসমতো হাস্পতালৰ বেডৰ সংখ্যা নাটনি হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply