গুৱাহাটীঃ অতি ভয়াৱহ ৰূপ লৈছে ভাৰতৰ কোভিড পৰিস্থিতিয়ে। 

বৰ্তমান ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৯,৯১৫জন ৰোগী। আনহাতে, বুধবাৰে ৰাজ্যত মৃত্যু হৈছে ৫৫জন লোকৰ। ইয়াৰে ১৮জন কামৰূপ মেট্ৰ’ৰ।

বুধবাৰে নিশা ড০ হিমন্ত বিশ্ব শৰ্মাই উলুবাৰী শ্মশান পৰিদৰ্শন কৰে আৰু মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

মন্ত্ৰীজনে তেওঁৰ টুইটাৰ হেণ্ডেলত এই সন্দৰ্ভত ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে।

https://www.instagram.com/p/COhTbM9HMzO/?utm_source=ig_web_copy_link

ভাৰতত দ্বিতীয় ঢৌৰ কৰোনাই সৰ্বস্তৰতে আতংকৰ সৃষ্টি কৰা পৰলিক্ষিত হৈছে। সমগ্ৰ দেশতে মেডিকেল অক্সিজেন আৰু বিচনাৰ নাটনিৰ বাবে মৃত্যুৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে।

অক্সিজেন আৰু চিকিৎসালয়ৰ বিচনাৰ অভাৱত বহু আক্ৰান্ত এম্বুলেঞ্চ আৰু পথতে মৃত্যু হৈছে দেশত।

প্ৰয়োজনত ব্ৰহ্মপুত্ৰৰ পাৰত নতুন শ্মশান প্ৰতিষ্ঠা কৰা হ’ব বুলিও হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply