নিউজ ডেস্কঃ মোদীৰ অসম আগমণক লৈ দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰিছিল। সংবাদ মেলৰ শেষত সাংবাদিকে গুৱাহাটীৰ বিভিন্ন স্থানত আম আদমী পাৰ্টীয়ে “মোডী হাটাও, দেশ বাচাও” বুলি পোষ্টাৰ লগোৱাক লৈ প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে তেনে পাৰ্টী এতিয়া লৈকে অসমত নামই শুনা নাই বুলি তেওঁ কয়।

তেওঁ লগতে কয়, পোষ্টৰ টো সকলোৱে লগাব পাৰে, কিন্তু অসমত যে এনেকুৱা মাল আছে মই নাজানোৱেই। আছুৰ নাম শুনিছোঁ, যুৱ ছাত্ৰ পৰিষদৰ নাম শুনিছোঁ কিন্তু এইটো বস্তু কৰ পৰা আহিছে মই এতিয়া লৈকে নাজানোঁ। নিৰ্বাচনৰ ফলাফল দিয়ক তাৰ পিছতহে গম পাম এইটো কি বস্তু।

সাংবাদিকক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয়, এই বিলাক (AAP দল) এতিয়ালৈকে আপোনালোকৰ খাদ্য হৈ আছে, আমাৰ এতিয়ালৈকে খাদ্য হোৱা গৈ নাই।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰা এতিয়াও নিমন্ত্ৰণৰ বাবেও আপক্ষে কৰি আছোঁ বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। লগতে তেওঁ সংবাদ মাধ্যমক কয়, মই চাব বিচাৰোঁ দিল্লী চৰকাৰৰ অনুমোদিত কৰ্মচাৰীৰ সংখ্যা মাত্ৰ ১.৫ লাখ, গতিকে ১২ লাখ নিযুক্ত কেনেকৈ সম্ভৱ ।

এই বিষয়টো আগবঢ়াই কয় যে, “অসমৰ মাটিত আহি কোনো অসত্য কথা ক’ব নোৱাৰে। বিনামূলীয়া বিজুলী দিছে, সেইয়া সত্য কথা। অসত্য কথা যাতে অসমৰ মাটিত আহি যাতে কোনোৱে ক’ব নোৱাৰে। যাতে আমাৰ মানুহকে কোনোৱে বুৰ্বক বুলি নাভাৱে”।

লগতে পঢ়ক – প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমনক লৈ জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply