গুৱাহাটীঃ ৰাজ্যৰ ভয়ংকৰ কোভিড সংক্ৰমণৰ সৈতে যুঁজিবলৈ সন্মুখৰ পৰা নেতৃত্ব দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে ৩ লাখ টকা।

এই ৩ লাখ টকাৰ সাহাৰ্য কোৰোণাৰ প্ৰতিষেধক ক্ৰয় কৰাত ব্যৱহাৰ কৰা হ’ব। এই কথা এক টুইটত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।
আৰু পঢ়কঃকোভিড পৰিস্থিতি সাম কটাৰ পিছতে হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হ’ব

উল্লেখ্য যে কোৰোণাৰ প্ৰতিষেধক প্ৰদানৰ জড়িয়তে আনৰ জীৱন ৰক্ষাৰ আনন্দ লোৱাৰ আহ্বানেৰে এক জন আন্দোলন গঢ়ি তোলাৰ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই।

কোভিড সংক্ৰমণৰ এই জন আন্দোলনৰ অংশৰূপেই মুখ্যমন্ত্ৰীয়ে ৩ লাখ চকাৰ চেক প্ৰদান কৰা বুলি টুইটত উল্লেখ কৰিছে  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply