মৰিগাওঁ– মৰিগাৱঁত বিশাল পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল’লে মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী গৰাকীৰ লগত পদযাত্ৰাত ভাগ ল’লে সহস্ৰাধিক সমৰ্থকে।
আৰু পঢ়কঃআজি মনোনয়ন দাখিল কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আজি কামৰূপ মহানগৰৰ উপায়ুক্ত কাৰ্যালয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন দাখিল কৰে।
সোণাৰাম খেলপথাৰৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ বিশাল ৰেলীৰে শোভাযাত্ৰা কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে মন্ত্ৰীগৰাকীয়ে ।
আৰু পঢ়কঃ বিহপুৰীয়াত আজি নিৰ্বাচনী প্ৰচাৰ চলালে অভিনেতা যতীন বৰাই
মনোনয়ন দাখিল কৰাৰ পিছতেই মন্ত্ৰী গৰাকী উপস্থিত হয় মৰিগাৱঁত।