বিহালী-আগন্তুক নিৰ্বাচনক লৈ এতিয়া তৎপৰ দল-সংগঠন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন ৰাজনৈতিক দল-সংগঠন সমূহে চলাইছে নিৰ্বাচনী প্ৰচাৰ।
আজি বিহালী সমষ্টিৰ বেদেতীত বিজেপি ষ্টাৰ কেম্পেনিয়াৰ হিমন্ত বিশ্ব শৰ্মাই চলাই নিৰ্বাচনী প্ৰচাৰ।
৭৭ নং বিহালী বিধানসভা সমষ্টিৰ বিজেপিৰ আগন্তক নিৰ্বাচনৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।
তাৰ পাছতে মন্ত্রীগৰাকীয়ে প্ৰাৰ্থী ৰঞ্জিত দত্তক লগত লৈ ২০ হাজাৰো অধিক সমৰ্থক সকলকৰ সৈতে এক বিশাল বাইক ৰেলী উলিয়াই।
নাছবৰৰ পৰা ৰৌমাৰী ,বটিয়ামাৰী , ৰাংছালী , জামনি হৈ বিশাল ৰেলীৰে বেঙাবাৰী খেলপথাৰত উপস্থিত হয় মন্ত্ৰী গৰাকী।
ইয়াৰ পাছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন নিৰ্বাচনী সভাত অংশ লৈ এই প্ৰচাৰ অভিযানৰ অন্ত পেলায়।