নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মাছখোৱাৰ প্ৰাগজ্যোতি ITA সাংস্কৃতিক কেন্দ্ৰত জল জীৱন মিচনৰ ঠিকাদাৰ, থাৰ্ড পাৰ্টী এজেঞ্চী আৰু মিচনৰ অভিযন্তা বিষয়াৰ সৈতে এক পৰ্যাললোচনা বৈঠকত বহে।
বৰ্তমান চলি থকা জল জীৱন মিচনৰ কাম ২০২৪ ৰ ৩১ মাৰ্চত সামৰণি পৰিব, যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ঠিকাদাৰক চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সকলো কাম কৰি শেষ কৰিবলৈ আহ্বান জনাই। যদি ঠিকাদাৰ সকলে নিধাৰিত সময়ত কাম শেষ কৰিব নোৱাৰি বিল জমা দিব নোৱাৰিব তেনে ঠিকাদাৰে কামৰ বিনিময়ত পাব লগা মূল্যৰ পৰা বঞ্চিত হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই।

লগতে, মুখ্যমন্ত্ৰীয়ে কয় যে, যিসকল ঠিকাদাৰে পাৰ্ফমেঞ্চ গেৰান্টী লৈ বহি থাকিব তেওঁলোকক ১৫ দিনৰ পিছত পুনৰ বৈঠকলৈ মাতিব। যদি তেনে ঠিকাদাৰক মুখ্যমন্ত্ৰীয়ে মাতিবলৈ নাপাই তেতিয়া হ’লে ভাল পাম বুলি জনাই। নহয় ঠিকাদাৰ সকলে কামটোৰ পৰা নিজেই আত্মসমৰ্পন কৰিবলৈ কয় নতুবা ৰাজ্য চৰকাৰক পাৰ্ফমেঞ্চ গেৰান্টী জমা দিবলৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়।
উক্ত পৰ্যায়টো শেষ হ’লেই পাৰ্ফমেঞ্চ হিচাপত ঠিকাদাৰক মাতিব বুলি মুখ্যমন্ত্ৰী কয়। প্ৰথম পৰ্যায়ত যিসকলে ১০% কৈ কম কাম কৰিছে তেনে ঠিকাদাৰক মাতিব। তাৰ পিছৰ পৰা ২০%, ৩০% কৈ তলত কাম কৰা ঠিকাদাৰক মাতিব বুলি মুখ্যমন্ত্ৰী বুলি জনাই।

কাম সম্পূৰ্ণ নোহাৱাকৈ ঠিকাদাৰক চাৰ্টিফিকেট প্ৰদান কৰা অভিযন্তা, ADC কে ধৰি অন্যান্য বিষয়াক সকীয়নী প্ৰদান কৰে। যদি কোনোৱে জল জীৱন মিচনৰ অধীনত সুবিধা নোপাৱাকৈ থাকি যায় তেতিয়া হ’লে সকলোৰে বিষয়াৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰ লগতে ঠিকাদাৰে পুনৰ আধা কৰি থৈ দিয়া কাম সম্পূৰ্ণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
ইফালে, থাৰ্ড পাৰ্টী এজেঞ্চীকো মুখ্যমন্ত্ৰী সকীয়নী দিয়ে যে, গুৱাহাটীত বহি কাম সম্পূৰ্ণ হোৱাৰ চাৰ্টিফিকেট দিয়া বন্ধ কৰক ৷ নহ’লে সকলো ফচিব ৷ মই জানো কেনেকৈ সেইসকলক ফচাব লাগে ৷
উল্লেখযোগ্য যে, অনুষ্ঠানতো মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অতিৰিক্ত মুখ্য সচিব এছ আব্বাচী, জল জীৱন মিছনৰ মিছন সঞ্চালক কৈলাস কাৰ্তিক এন প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।
লগতে পঢ়ক – মাত্ৰ ৪০০০ টকাৰ ভিতৰতেই গুৱাহাটীৰ পৰা ডিব্ৰুগড় আৰু শিলচৰলৈ বিমান যাত্ৰা