গুৱাহাটীঃ সন্ত্ৰাসবাদক লৈ অসমবাসীক সতৰ্ক কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যদি আপোনাৰ গাঁৱলৈ ইমাম আহে আৰু আপুনি তেওঁক চিনি নাপায় তেন্তে লগে লগে আৰক্ষীথানাত খবৰ দিব। আমি এই ক্ষেত্ৰত এটা নতুন এছ অ’ পি প্ৰস্তুত কৰিছো। ইমামজনক আৰক্ষীয়ে Verify কৰিব আৰু তাৰ পিছতহে তেওঁ গাঁৱখনত থাকিব পাৰিব। ” অসমত আমাৰ মুছলমান সম্প্ৰদায়ে আমাক এই কামত সহায় কৰি আহিছে।

উল্লেখ্য যে, অসম আৰক্ষীয়ে শনিবাৰে নিশা গোৱালপাৰাৰ পৰা দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই কঠোৰ হৈছে প্ৰশাসন। আটকাধীন দুয়োজনেই আল কায়েদা আৰু আনছাৰুল্লাহ বাংলা দলৰ সৈতে জড়িত আৰু দুয়োগৰাকীয়ে মছজিদৰ ইমাম আছিল।

গোৱালপাৰাৰ এছপি ভিভি ৰাকেশ ৰেড্ডীয়ে কয় যে সন্দেহযুক্ত দুয়োজন ব্যক্তিয়ে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে। ঘৰটোৰ তালাচীৰ সময়ত, আল-কায়েদাৰ লগত সম্পৰ্ক থকাৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ লগতে তেওঁলোকৰ পৰা পোষ্টাৰ আৰু অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। দুয়োৰে ম’বাইল ফোন, চিম কাৰ্ড আৰু পৰিচয় পত্ৰ জব্দ কৰা হৈছিল। সন্দেহযুক্ত ব্যক্তি দুজনে বাংলাদেশৰ জেহাদী উগ্ৰপন্থীসকলক ৰেচন প্ৰদান কৰিছিল। ইয়াৰ উপৰিও, তেওঁলোকক আশ্ৰয় দিছিল। তেওঁ জিলাখনত স্লিপাৰ চেলৰ নিযুক্তিৰ বাবে অল কায়েদাৰ সদস্য বুলি স্বীকাৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,469 other subscribers

Leave a comment

Leave a Reply Cancel reply