কলাক্ষেত্ৰত শপতগ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী : কিছুসময় পিছত অসমৰ নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। হিমন্ত বিশ্ব শৰ্মাই কিছুসময় পিছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে। ইতিমধ্যে কলাক্ষেত্ৰত শপত গ্ৰহণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। শপত গ্ৰহণ কৰাৰ পূৰ্বেই হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে ফোন কৰিলে বিৰোধী দলৰ নেতা সকলক।

কংগ্ৰেছ নেতা ৰিপুন বৰা, এ আইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল আৰু বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীক শপত গ্ৰহণৰ পুর্বে ব্যক্তিগতভাৱে ফোন কৰি শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে কলাক্ষেত্ৰত আজি শপত গ্ৰহণ কৰিব ১৩ জনকৈ কেবিনেট মন্ত্ৰীয়ে।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত পাঁচ গৰাকীয়ে বিধায়কে প্ৰথমবাৰৰ পাব মন্ত্ৰীৰ দায়িত্ব

উল্লেখ্য যে যোৱা ২ মে’ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল। ফলাফলত বিজেপি দলৰ পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল যদিও মুখ্যমন্ত্ৰীৰ পদকলৈ বিজেপি দলে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল। অৱশেষত দেওবাৰে বিজেপিৰ বিধায়নী দলৰ বৈঠকত হিমন্ত বিশ্ব শৰ্মাৰ নাম অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,284 other subscribers

Leave a comment

Leave a Reply