বহু জল্পনা কল্পনাৰ ওৰ পেলাই অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সক্ষম হ’ল হিমন্ত বিশ্ব শৰ্মা।
অসম বিধানসভাৰ বিজেপি বিধায়িনী দলে কিছু সময়ৰ আগতে নতুন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰে হিমন্ত বিশ্ব শৰ্মাক ।
বিধায়িনী দলৰ সভাত বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে হিমন্ত বিশ্ব শৰ্মাৰ নাম নেতা হিচাবে প্ৰস্তাব কৰে আৰু ৰাজ্যিক সভাপতি বিধায়ক ৰঞ্জিত দাসে প্ৰস্তাবৰ সমৰ্থন জনাই ।
বিধায়িনী দলৰ সভাত কেন্দ্ৰীয় পৰ্যবেক্ষক নৰেন্দ্ৰ সিং টোমৰে হিমন্ত বিশ্ব শৰ্মাক বিজেপি বিধায়িনী দলৰ নেতা হিচাবে সৰ্বসন্মত ভাবে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে |
কালি ঘন্টাৰ পাছত ঘন্টা ধৰি দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ঘৰত বৈঠক হোৱাৰ পিছতেই ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনত বঢ়াৰ বাবেই সেউজ সংকেট দিয়ে ৰাষ্ট্ৰীয় নেতৃত্বই ।
আজিৰ বিধায়িনী দলৰ বৈঠকত ৰাষ্ট্ৰীয় নেতা নৰেন্দ্ৰ সিং টোমৰ, অৰুণ সিং, বি এল সন্তোষ, বৈজয়ন্ত জয় পান্ডা পৰ্যবেক্ষক হিচাবে উপস্থিত থাকে ।