গুৱাহাটী-  তৃতীয় পৰ্যায়ৰ মনোনয়নৰ অন্তিম দিনা মনোনয়ন-পত্ৰ দিব অসমৰ বহুকেইজন হাইপ্ৰফাইল প্ৰাৰ্থীয়ে ৷ আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব মনোনয়ন পত্ৰ।

দুপৰীয়া ১২ বজাত সোণাৰাম খেলপথাৰৰ পৰা বিশাল ৰেলীৰে উপায়ুক্ত কাৰ্যালয়লৈ ৰেলীৰে মনোনয়ন দিবলৈ যাব মন্ত্ৰী শৰ্মাই ৷

জালুকবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লক্ষাধিক নেতা কৰ্মী,সমৰ্থকে মন্ত্ৰীগৰাকীৰ সৈতে একেলগে পদযাত্ৰা কৰিব।

মনোনয়ন পত্ৰ দিয়াৰ পূৰ্বে মা কামাখ্যা মন্দিৰত আশীষ ল’লে মন্ত্ৰীগৰাকীয়ে।

জালুকবাৰী সমষ্টিত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে যুঁজ দিব অসম জাতীয় পৰিষদৰ হৈ দলৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে৷

মনোনয়ন দাখিলৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং।

লগতে উপস্থিত থাকিব বিজেপি সভাপতি ৰঞ্জিত দাস, মিত্ৰজোঁটৰ অংশীদাৰ অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো।

মনোনয়ন দাখিলৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো নেতায়ো সংগ দিব । বিজেপি ৰাষ্ট্ৰীয় উপসভাপতি তথা অসম প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, কেন্ত্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ, ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং আৰু বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত থাকিব মন্ত্ৰী গৰাকীয়ে মনোনয়ন দাখিলৰ সময়ত।

আজি পূব গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈয়ে, পশ্চিম গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, ছয়গাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ মনোনয়ন, বকোৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস, পূব গুৱাহাটীৰ AJP প্ৰাৰ্থী অদীপ কুমাৰ ফুকন, দিছপুৰৰ AJP প্ৰাৰ্থী প্ৰিন্স ফাইজুল হকে বহুকেইজন প্ৰাৰ্থীয়েও মনোনয়ন-পত্ৰ দাখিল কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply