গুৱাহাটী : দেওবাৰে ঘোষণা কৰা হয় অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠনৰ আশাত চেঁচা পানী ঢালি পুনৰ দিছপুৰ দখল কৰে বিজেপি মিত্ৰজোঁটে। বিজেপিৰ নেতৃত্বত অসমত পৰৱৰ্তী চৰকাৰ গঠন হ’ব যদিও ৰাজ্যবাসীৰ মনত এটাই প্ৰশ্ন কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?
সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যম, সকলোতে এটাই চৰ্চা সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা নে অন্য কোনো তৃতীয় ব্যক্তি হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? বৰ্তমানৰ এই কোটি টকীয়া প্ৰশ্নৰ উত্তৰ অৱশেষত দিলে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক লৈ সংবাদ মাধ্যমৰ আগত প্ৰথমবাৰৰ বাবে মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই।
হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত মুখ খুলি কয় যে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব এই সন্দৰ্ভত দিল্লীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। দিল্লীত সংসদীয় সমিতিৰ বৈঠকত ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। দিল্লীৰ পৰা গুৱাহাটীত শীৰ্ষ নেতাও আহিব পাৰে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। শপত গ্ৰহণ দিনো দিল্লীয়ে নিৰ্ণয় কৰিব বুলিও জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই।