ভয়ানক ৰূপত বৃদ্ধি পাইছে ৰাজ্যৰ কোভিড সংক্ৰমনৰ সংখ্যা । পূৰ্বতকৈও জটিল হোৱাৰ শংকা প্ৰকাশ কৰিছে, সেই বাবেই কোভিডৰ নতুন নিৰ্দেশনা অনুসৰি মাস্ক পিন্ধাতো বাধ্যতা মূলক কৰিছে অন্যাথা ১০০০ হাজাৰ টকাৰ জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰাজ্য খনত ভয়াবহ ৰূপত কোভিড সংক্ৰমন হোৱালৈ চাই আয়োজন কৰা সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,
যি বোৰ জিলাত ১০০তকৈ অধিক সক্ৰিয় ৰোগী আছে সেইবোৰ জিলাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব পাঠদান। কাইলৈৰ পৰাই এই নিৰ্দেশ কাৰ্যকৰী হ’ব যদিও কাইলৈ দেওবাৰ হোৱা বাবে প্ৰকৃততে সোমবাৰৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশ।
সেই অনুসৰি কামৰূপ মহানগৰ ,কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, নগাঁও ,শোণিতপুৰ, কাছাৰ, যোৰহাট আৰু তিনিচুকীয়া, এই আঠখন জিলাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব। আজিৰ তাৰিখত
এই আঠখন জিলাত ১০০ তকৈ অধিক সক্ৰিয় কোৰোণা ৰোগী আছে। এইক্ষেত্ৰত সংশ্লিষ্ট জিলা উপায়ুক্তসকলে নিজ নিজ জিলাত প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিব।
আনহাতে অন্য জিলাৰ জিলা উপায়ুক্তসকলেও কোৰোণা পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি সক্ৰিয় ৰোগীৰ সংখ্যা ১০০ পাৰ হ’লে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিব পাৰিব।
কৰোনা ৰোগীক দিয়া ৰেমডিচিভি ঔষধৰ ক্ষেত্ৰত সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, বৰ্তমান সময়ত এই ঔষধৰ নাটনী হোৱা নাই । বৰ্তমান ১২,৮৬৮ টা ঔষধ মজুত আছে । মে মাহত ১ লাখ আহিব । প্ৰতিটো ৰেমডিচিভি বেজিৰ বাবদ বজাৰত ৪০০০ টকা ব্যয় হয় যদিও চৰকাৰী চিকিৎসালয়ত ১৬৫২ টকাকৈ দি থকা হৈছে । বিপিএল গ্ৰাহকক বিনামূলীয়াকৈ এই ঔষধ দিয়া হৈছে ।
সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ভেকচিন সম্পৰ্কে কয়, ৰাজ্যত মজুত আছে ৬,০৭০০০ লাখ ভেকচিন ৷ এই পৰ্য্যন্ত কোভিডৰ প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে ১২ লাখ ৮৪ হাজাৰ ৪ শ ৩২ গৰাকী লোকক।
বিপৰীতে দ্বিতীয়টো পালি প্ৰদান কৰা হৈছে ২ লাখ ৮২ হাজাৰ ৯ শ ৯৮ গৰাকী লোকক ৷ বৰ্তমান থকা ভেকচিনেৰে চলিত মাহত কোনো নাটনীৰ সমস্যা নহয় বুলিও কয় মন্ত্ৰী গৰাকীয়ে । কলেজ স্কুল বোৰত কেম্প পাতি তাত ভেকচিনৰ ব্যবস্থা কৰিবলৈ জিলা উপায়ুক্তসকললৈ আহ্বান জনাই ।
অক্সিজেনৰ সন্দৰ্ভত সংবাদমেল হিমন্ত বিশ্ব শৰ্মাই কয়, অসম অক্সিজেনৰ নাটনি কম সময়ত সন্মুখীন হোৱাৰ সম্ভাৱনা নাই।
৬ মেট্ৰিক টন মেডিকেলসমূহত অক্সিজেন প্ৰডাকশ্যন হয়। অহা ৪৫ দিনৰ ভিতৰত অসমৰ প্ৰতিখন জিলা হাস্পতালত অক্সিজেন প্লান্ত হ’ব। ২৮৮ মেট্ৰিক টন অক্সিজেন আমি ষ্টৰ কৰি ৰাখিব পাৰো।
প্ৰয়োজনীয় ঔষধ, সা-সামগ্ৰী ৰাজ্যত আছে।
কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কোৰোনাত অধিক আক্ৰান্ত স্থান বা জিলাত ব’হাগী বিদায় নপতা ভাল।
সংবাদমেলত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বাহিৰৰ পৰা অহা যাত্ৰীসকলৰ সম্পৰ্কে কয়, “বাহিৰৰ পৰা অহা লোকৰ বাবেই অসমত কৰোনাৰ দ্বিতীয় সংক্ৰমনে ভয়াবহ ৰূপ লৈছে সেইবাবেই বিমানযাত্ৰী সকলে লগত প্ৰমানপত্ৰ লৈ আহিলেও RT PCR কৰোৱাতো বাধ্যতামূলক কৰা হৈছে ।”
বাহিৰৰ পৰা অহা লোকসকলক আৰ টি পি চি আৰ নিগেটিভ নোলোৱালৈ পৰিয়ালৰ সদস্য বা বন্ধু-বান্ধৱে লগ নকৰিবলৈ আহ্বান জনাই।
লকডাউন দিয়াৰ সম্পৰ্কে এতিয়াই কোনো সিদ্ধান্ত লোৱা নাই বুলি কৈ যিমান পাৰে সমাগমৰ পৰা আতৰত থাকিবলৈ আহ্বান জনায় । ৩ এপ্ৰিলৰ পৰাহে ৰাজ্যত ক’ভিডে ভয়াবহ ৰূপ লোৱা বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।
মেট্ৰিক পৰীক্ষা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় , ছেবাই পৰীক্ষা সন্দৰ্ভত অভিভাবক আৰু শিক্ষকৰ সৈতে আলোচনা কৰি যি সিদ্ধান্তত উপনীত হ’ব সেই প্ৰতিবেদন আগন্তুক চৰকাৰক অবগত কৰিব আৰু সেই হিচাবেই নতুন চৰকাৰে সিদ্ধান্ত ল’ব ।