নিউজ ডেস্কঃ গুৱাহাটীত সান্ধ্য আইন শিথিল কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দিল্লীত সংবাদমেল সম্বোধন কৰি ড০ শৰ্মাই কয় — “কালি গুৱাহাটীত আক্ৰান্তৰ সংখ্যা তিনিশ আছিল। যদি শুক্ৰ, শনিবাৰৰ ভিতৰত ই দুশৰ ঘৰ পায়, তেতিয়া আমি অলপ শিথিল কৰিব পাৰিম। যদিও ১৫ জুনক লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছিল, তথাপি আক্ৰান্তৰ সংখ্যা হ্ৰাস পালে ৭ জুনৰ পৰা কাৰ্ফিউ শিথিলকৰণৰ কথা চিন্তা কৰিব পৰা যাব।”

গুৱাহাটীত ক্ৰমান্বয়ে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা কমি অহা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

আৰু পঢ়কঃগোলাঘাটৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ পৰ্যালোচনা বৈঠক

লগতে, বহু চৰ্চিত আলফা-চৰকাৰৰ চাৰি দশকজোৰা সমস্যাৰ মীমাংসা হ’ব আৰু পৰেশ বৰুৱাৰে চৰকাৰে শান্তি আলোচনা কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী। শান্তি আলোচনাৰ বাবে ৰূপৰেখা তৈয়াৰ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যই বিভিন্ন পৰ্যায়ত আলোচনা আৰম্ভ কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাগছ সৰবৰাহকাৰীক সকীয়নি দি কয় যে অসমক বৰবিহ মুক্ত কৰিবলৈ চৰকাৰে অহোপুৰুষাৰ্থ কৰিছে। অসম আৰক্ষীক আৰু অধিক সক্ৰিয় হৈ এই বৰবিহৰ বিৰুদ্ধে সৰ্বস্ব উজাৰি দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply